VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

তালিবানৰ নিষ্ঠুৰতা-বৰ্বৰতাক প্ৰত্যাহ্বানঃ অন্যায়ৰ প্ৰতিবাদেৰে সহস্ৰ মহিলাৰ কণ্ঠস্বৰ হৈ পৰিছে আফগানিস্তানৰ ক্ৰিষ্টেল বায়াট

voicedesk by voicedesk
August 30, 2021
in মুখ্য সংবাদ, জীৱন, ৰাজনীতি, সমাজ
তালিবানৰ নিষ্ঠুৰতা-বৰ্বৰতাক প্ৰত্যাহ্বানঃ অন্যায়ৰ প্ৰতিবাদেৰে সহস্ৰ মহিলাৰ কণ্ঠস্বৰ হৈ পৰিছে আফগানিস্তানৰ ক্ৰিষ্টেল বায়াট
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

তালিবানৰ আফগানিস্তান দখলৰ লগে লগে সমগ্ৰ বিশ্ববাসীৰ বাবে উদ্বেগৰ বিষয় হৈ পৰিছিল আফগান মহিলাৰ অধিকাৰৰ প্ৰসংগ। আৰু এই কথাক সঁচা প্ৰমাণিত কৰি অতি স্বাভাৱিকভাৱেই ৰাষ্ট্ৰ দখল কৰি তালিবানে ঘোষণা কৰিলে, বিগত সময়ছোৱাত আফগানী মহিলাই লাভ কৰা স্বাধীনতা নীতিবিৰুদ্ধ আৰু এয়া সভ্যতাৰ পৰিপন্থী!

আমেৰিকান সেনাই আফগানিস্তানত অভিযান চলাই ৰখা কুৰিটা বছৰত মহিলাসকলে মুকলিভাৱে উশাহ ল’বলৈ আৰম্ভ কৰিছিল আৰু ক্ৰমান্বয়ে তেওঁলোকৰ সপোনবোৰে পাখি মেলিছিল। কিন্তু মাৰ্কিন সেনাৰ প্ৰত্যাৱৰ্তনে আফগান মহিলাসকলক পুনৰ আন্ধাৰ ভৱিষ্যতলৈ ঠেলি দিলে।

তালিবানীৰ নিষ্ঠুৰতা আৰু নৃশংসতাৰ সৈতে সমগ্ৰ বিশ্ব পৰিচিত। মহিলাসকল তেওঁলোকৰ দৃষ্টিত যেন ইতৰ প্ৰাণীতকৈও নগণ্য। ক্ষমতা দখল কৰিয়েই তালিবানে মহিলাসকলক বোৰ্খা, গোড়ামি আৰু গৃহবন্দীৰ আওতাত বন্দী কৰি পেলাইছে। 

কিন্তু তালিবানৰ ভয়াবহ আইনলৈও ভয় নকৰি একাংশ মহিলাৰ প্ৰতিবাদেৰে মুখৰ হৈ পৰিছে আফগানিস্তানৰ ৰাজপথ। এই প্ৰতিবাদৰ নেতৃত্ব দিছে ক্ৰিষ্টেল বায়াট নামৰ এগৰাকী ২৪ বছৰীয়া যুৱতীয়ে। বিশ্বৰ বিভিন্ন সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰা বায়াটে মৃত্যুভয়কো অতিক্ৰম কৰি কাবুলৰ ৰাজপথত থিয় দি সশস্ত্ৰ তালিবান যোদ্ধাৰ আগত দাবী কৰিছে নিজৰ অধিকাৰ।

যোৱা ১৭ আগষ্টত বায়াটৰ নেতৃত্বত কাবুলৰ ৰাজপথত চাৰিগৰাকী মহিলা নিজৰ অধিকাৰ বিচাৰি থিয় হৈছিল। আনহাতে আফগানিস্তানৰ স্বাধীনতা দিৱসৰ ৰেলীতো ক্ৰিষ্টেলৰ নেতৃত্বত বহুকেইগৰাকী মহিলাই প্ৰতিবাদ সাব্যস্ত কৰিছিল।

উল্লেখযোগ্য যে বায়াটে দিল্লী বিশ্ববিদ্যালয়ৰ দৌলতৰাম কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি দিল্লীৰে ইউনাইটেড নেচনছ ইনষ্টিটিউটৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীও লাভ কৰে। চিকিৎসক মাতৃ আৰু আফগান চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ এগৰাকী বিষয়াৰ কন্যা বায়াটে শিক্ষা গ্ৰহণৰ অন্তত ২০১৯ চনত নিজ দেশলৈ।উভতি যায়।

আফগানিস্তান দখল কৰাৰ পাছতে তালিবানে মহিলাসকলৰ অধিকাৰ সংকুচিত কৰি আনিবলৈ বিভিন্ন নিৰ্দেশনা জাৰী কৰে। নাৰীৰ কৰ্মক্ষেত্ৰ ত্যাগৰ নিৰ্দেশনা, শিক্ষাগত অৰ্হতাৰ প্ৰমাণ-পত্ৰ নষ্ট কৰাৰ নিৰ্দেশৰ লগতে বোৰ্খাৰ আঁৰৰ বন্দী জীৱনৰ পোষকতা কৰে তালিবানে।

কিন্তু বিনা প্ৰতিবাদে এই দাসত্ব স্বীকাৰ কৰিবলৈ অমান্তি হৈ ক্ৰিষ্টেলে তালিবানৰ বিৰুদ্ধে মহিলাসকলক সংগঠিত কৰিবলৈ চেষ্টা কৰে। তেওঁ হোৱাট্‌ছএপৰ জৰিয়তে মহিলাসকলক একত্ৰিত কৰি প্ৰতিবাদৰ বাবে প্ৰেৰণা জগাবলৈ যত্ন কৰে। 

অৱশ্যে তালিবানৰ নৃশংস ইতিহাসৰ আগত নতজানু অধিকাংশ নাৰীয়েই প্ৰতিবাদ কৰিবলৈ সাহস গোটাব নোৱাৰিলে। কিন্তু তথাপিও থমকি ৰোৱা নাই ক্ৰিষ্টেল বাৰাট। তেওঁৰ ভাষাৰে সকলোৰে হৈ এই প্ৰতিবাদ কৰিব লাগিব। কাৰণ তালিবানসকল জয়ী হ’লে যোৱা বিশটা বছৰত মহিলাই লাভ কৰা অগ্ৰগতি অথলে যাব। মহিলাসকল অৰ্থনৈতিক, প্ৰশাসনিক আৰু ৰাজনৈতিক প্ৰক্ৰিয়াৰ অংশ হ’ব লাগিব বুলিও তেওঁ মন্তব্য কৰিছিল।

সমগ্ৰ বিশ্বৰ দৃষ্টি বাৰাটৰ কাৰ্যাৱলীত নিবদ্ধ। আনহাতে তালিবানে বাবে বাৰে ভীতিগ্ৰস্ত কৰি তেওঁৰ প্ৰতিবাদক বাধা আৰোপ কৰিব বিচাৰিছে। তালিবানৰ সংবিধানত মহিলাৰ অধিকাৰৰ প্ৰসংগই হাস্যকৰ আৰু ভিত্তিহীন।

আফগানিস্তানৰ পৰা প্ৰাণৰ মমতাত পলায়ন কৰিব বিচৰা সহস্ৰজনৰ তুলনাত বায়াটৰ সাহসৰ কাহিনীয়ে সকলোকে অনুপ্ৰাণিত কৰিছে। ক্ৰিষ্টেল বায়াটৰ প্ৰতিবাদৰ পৰিণতি কোনেও নাজানে। কিন্তু এই প্ৰতিবাদৰ কাহিনী নতুন আফগানিস্তান গঠনৰ ইতিহাসত সোণালী আখৰেৰে যে লিপিবদ্ধ হৈ ৰ’ব সেয়া নিশ্চিত।

Previous Post

কণীৰ পেলনীয়া বাকলি ব্যৱহাৰ কৰিব পাৰে এইবোৰ কামতঃ পঢ়ক আৰু জানক

Next Post

প্ৰথমে একেলগে চাহঃ তাৰ পাছতেই হত্যা

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
প্ৰথমে একেলগে চাহঃ তাৰ পাছতেই হত্যা

প্ৰথমে একেলগে চাহঃ তাৰ পাছতেই হত্যা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7