উত্তৰ পূর্বাঞ্চলত বলবৎ হৈ থকা আফস্পাৰ পৰিসৰ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ নাগালেণ্ড, অসম আৰু মণিপুৰত হ্ৰাস হ’ব আফস্পাৰ পৰিসৰ ৷ শেহতীয়াকৈ তিনিখন ৰাজ্যলৈ শান্তি ঘুৰি অহা বুলি উল্লেখ কৰি আইনখনৰ পৰিসৰ হ্ৰাস কৰা হৈছে ৷ আজি টুইটাৰৰ জৰিয়তে এই কথা সদৰী কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷
In a significant step, GoI under the decisive leadership of PM Shri @NarendraModi Ji has decided to reduce disturbed areas under Armed Forces Special Powers Act (AFSPA) in the states of Nagaland, Assam and Manipur after decades.
— Amit Shah (@AmitShah) March 31, 2022
তেওঁ প্ৰকাশ কৰা অনুসৰি উত্তৰ পূর্বাঞ্চলৰ কেইবাটাও বিদ্ৰোহী সংগঠনৰ সৈতে হোৱা চুক্তিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ আফস্পাৰ পৰিসৰ হ্ৰাস পোৱাৰ বাবে তিনিওখন ৰাজ্যৰ লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰি তেওঁ কয় যে বিজেপি চৰকাৰে উত্তৰ পূবৰ উন্নয়নৰ বাবে কাম কৰি আহিছে ৷ দীর্ঘদিন ধৰি উত্তৰ পূবৰ পৰা আফস্পা বাতিলৰ দাবী উত্থাপন হৈ আহিছে ৷