কেইবা দশকজুৰি উত্তৰ পূর্বাঞ্চলৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন (আফস্পা) সম্পূর্ণৰূপে প্ৰত্যাহাৰ কৰিবলৈ দাবী উত্থাপিত হৈ আহিছে ৷ বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে নাগালেণ্ড, মণিপুৰ আৰু অসমত হ্ৰাস কৰিছে আফস্পাৰ পৰিসৰ ৷ ৰাজ্যৰ ২৩ খন জিলাৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে আফস্পা ৷ ইয়াৰে পৰিৱর্তে উত্তৰ পূর্বাঞ্চলৰ এখন ৰাজ্যত বৃদ্ধি কৰা হৈছে আফস্পাৰ ম্যাদ ৷ অৰুণাচল প্ৰদেশত নতুনকৈ তিনিখন জিলালৈ সম্প্ৰসাৰণ কৰা হৈছে আফস্পাৰ ম্যাদ ৷ এক পৃথক জাননীৰ জৰিয়তে কেন্দ্ৰই অৰুণাচল প্ৰদেশৰ তিনিখন জিলা ক্ৰমে টিৰাপ, চাংলেণ্ড আৰু লংডিঙৰ লগতে অসমৰ সীমান্তৱৰ্তী নামচাই আৰু মহাদেৱপুৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলসমূহ বিতর্কিত আইনখনৰ অধীনলৈ আনে ৷ অহা ছেপ্তেম্বৰলৈ বলবৎ হৈ থাকিব এই আইন ৷
উল্লেখযোগ্য যে ১৯৪২ চনত ব্ৰিটিছ শাসকসকলে ভাৰত ত্যাগ আন্দোলনৰ সময়ত এই আইনখন গৃহীত কৰিছিল। অৱশ্যে ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত পুনৰ ১৯৫৮ চনত আইন হিচাপে জাননী জাৰি কৰা হয় ৷ আইনখনে অধিসূচিত এলেকাবোৰত সেনা আৰু অন্যান্য নিৰাপত্তা বাহিনী, লগতে ৰাজ্যিক আৰু কেন্দ্ৰীয় আৰক্ষী কৰ্মীসকলক বিশেষ সামৰিক ক্ষমতা প্ৰদান কৰে ৷