বিশিষ্ট সংগীতশিল্পী অলকা য়াগনিক ডাঙৰ সমস্যাৰ সন্মুখীন হৈছে। হঠাতে তেওঁ আংশিক শ্ৰৱণ ক্ষমতা হেৰুৱাই পেলাইছে । সেইবাবেই তেওঁ ছচিয়েল মিডিয়াৰ পৰা দীঘলীয়া সময়ৰ বাবে আঁতৰি আছিল । সোমবাৰে নিশা অনুৰাগীৰ সৈতে তেওঁ এই খবৰটো শ্বেয়াৰ কৰে। লগতে তেওঁ সকলোকে সকীয়াই দিয়ে যে হঠাতে শ্ৰৱণ ক্ষমতা হেৰুৱালে জীৱনটো কিমান দুৰ্বিষহ হ’ব পাৰে। তেওঁ সকলো সময়তে হেডফোন লৈ উচ্চস্বৰত গান নুশুনাই ভাল বুলি পৰামর্শ দিছে । ইয়াৰ ফলত শ্ৰৱণ ক্ষমতাও হেৰাই যাব পাৰে।
কিন্তু কেনেকৈ হঠাৎ অসুস্থ হৈ পৰিল সংগীতশিল্পী গৰাকী ? কেইসপ্তাহমান আগতে হঠাতে এদিন বিমানৰ পৰা নামি অহাৰ পাছত একো শুনা নাছিল! ইয়াৰ পাছতে তেওঁ ডাক্তৰৰ লগত যোগাযোগ কৰিলে। ডাক্তৰে ্যাগনিকক অৱগত কৰে যে তেওঁ এটা বিৰল স্নায়ুজনিত ৰোগত আক্ৰান্ত। বহু সময়ত শৰীৰত অজ্ঞাত বীজাণুৰ আগ্ৰাসনৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰতিৰোধ ক্ষমতা গঢ় লৈ উঠে। যাৰ সাময়িক প্ৰভাৱ আন অংগত পৰিব পাৰে। তেওঁৰ ক্ষেত্ৰতো একে সমস্যাৰ সৃষ্টি হৈছিল ৷ সমস্যাৰ আকস্মিকতাত তেওঁ ইমানেই চিন্তিত হৈ পৰে যে তেওঁ সাময়িকভাৱে সকলোৰে পৰা আঁতৰি আহিছিল। কাৰণ এজন গায়কৰ বাবে শ্ৰৱণ ক্ষমতাও কণ্ঠৰ দৰেই গুৰুত্বপূৰ্ণ। ভালকৈ শুনিব নোৱাৰিলে কেনেকৈ গীত গাব?
নিজৰ সমস্যাৰ বিষয়ে কণ্ঠশিল্পীগৰাকীয়ে লিখিছে, ‘চিকিৎসাৰ বাহিৰেও শক্তি ঘূৰাই পাবলৈ কিছু সময় লাগিছিল। অৱশেষত মই নিজকে প্ৰস্তুত কৰি আকৌ আপোনালোকৰ সন্মুখীন হ’লোঁ। “ শাৰীৰিক অসুখৰ কথা কওঁতে কণ্ঠশিল্পীগৰাকীয়ে শ্ৰৱণ ক্ষমতাৰ বিশেষ যত্ন ল’বলৈও সোঁৱৰাই দিয়ে। বিশেষকৈ উচ্চ শব্দৰ পৰা আঁতৰি থাকিবলৈ তেওঁ পৰামর্শ দিয়ে । একেদৰে দিনে-ৰাতি কাণত হেডফোন লগাই কাম নকৰাই ভাল।
ইলা অৰুণ, চনু নিগম, পুনম ধিলনৰ দৰে বিশিষ্ট ব্যক্তিসকলে ছ’চিয়েল মিডিয়াত এই খবৰ শুনি উদ্বেগ প্ৰকাশ কৰিছে। কমেণ্ট বক্সত চনুৱে লিখিছে, ‘দীঘলীয়া নিস্তব্ধতালৈ চাই এনে লাগিল যেন কিবা এটা হৈছে। সোনকালেই আপোনাক লগ পাম. ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আপুনি সোনকালে সুস্থ হওঁক ৷’ ইলাই লিখিছে, ‘আপোনাৰ ছবিখন দেখি আৰু আপোনাৰ কথা শুনি বৰ মর্মাহত হৈছো । ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক। এতিয়া চিকিৎসা ব্যৱস্থাও উন্নত হৈছে। আশাকৰোঁ আপুনি সঠিক চিকিৎসাৰ দ্বাৰা সোনকালে সুস্থ হৈ উঠিব। আমি আকৌ আগৰ অলকাক ঘূৰাই পাম।“