VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰিজিজুৰ বিদায়ৰ পিছত ন্যায়াধীশ নিযুক্তিৰ ক্ষেত্ৰত সক্ৰিয় মোদী চৰকাৰ! কলেজিয়ামৰ পৰামৰ্শ অনুসৰি নিযুক্তি দিলে ন্যায়াধীশ

voicedesk by voicedesk
May 19, 2023
in মুখ্য সংবাদ
ৰিজিজুৰ বিদায়ৰ পিছত ন্যায়াধীশ নিযুক্তিৰ ক্ষেত্ৰত সক্ৰিয় মোদী চৰকাৰ!  কলেজিয়ামৰ পৰামৰ্শ অনুসৰি নিযুক্তি দিলে ন্যায়াধীশ
0
SHARES
30
VIEWS
Share on FacebookShare on Twitter

বিচাৰকৰ সংখ্যা প্ৰয়োজনতকৈ কম। গতিকে কামৰ চাপ তেওঁলোকৰ ওপৰত বেছি। এনে পৰিস্থিতিত উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ পৰামৰ্শ অনুসৰি নৰেন্দ্ৰ মোদী চৰকাৰে ন্যায়াধীশ নিযুক্তিৰ অনুমোদন পলম কৰা বুলি কেইবাবছৰ ধৰি অভিযোগ উত্থাপন হৈ আহিছে। এবাৰ মুখ্য ন্যায়াধীশ টি এছ ঠাকুৰে ৰাজহুৱাভাৱে ইয়াৰ বাবে কেন্দ্ৰক দোষাৰোপ কৰিছিল।

 

এইবাৰ কেন্দ্ৰই উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ পৰামৰ্শ ক্ষিপ্ৰতাৰে কাৰ্যকৰী কৰি অভিযোগ ভুল বুলি প্ৰমাণ কৰিলে। প্ৰসংগক্ৰমে কিৰেন ৰিজিজুৱে মোদীৰ কেবিনেটত আইন মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ ঠিক পিছদিনাই কেন্দ্ৰীয় কেবিনেটৰ পৰামৰ্শ মতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শুকুৰবাৰে অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ প্ৰশান্ত কুমাৰ মিশ্ৰ আৰু জ্যেষ্ঠ অধিবক্তা কেভি বিশ্বনাথনক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে অনুমতি প্ৰদান কৰে। ইয়াৰ পিছতে শুকুৰবাৰে বিয়লি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে তেওঁলোকৰ শপত পাঠ কৰোৱায় ৷

 

এই সপ্তাহত মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ৰ নেতৃত্বত গঠিত কলেজিয়ামে উচচতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে দুয়োজনৰ নাম কেন্দ্ৰক পৰামৰ্শ দিয়ে। প্ৰায় অভূতপূৰ্ব পদক্ষেপেৰে মোদী চৰকাৰে তেওঁলোকৰ নিযুক্তিৰ অনুমতি প্ৰদান কৰিছে। ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে বিগত কেইবছৰমানৰ পৰা ন্যায়াধীশ পদৰ বাবে পৰামৰ্শ দিয়া নামক লৈ কেন্দ্ৰ-ন্যায়পালিকাৰ মাজত চলি থকা কাজিয়াক লৈ ক্ষোভ প্ৰকাশ কৰিছিল। তাৰ ওপৰত ন্যায়াধীশ নিযুক্তিৰ কলেজিয়াম ব্যৱস্থাৰ ‘স্বচ্ছতা’ক লৈ প্ৰশ্ন উত্থাপন কৰাৰ বাবে সদ্য পদচ্যুত কেন্দ্ৰীয় আইন মন্ত্ৰী ৰিজিজুক উচ্চতম ন্যায়ালয়ে ধমক দিছিল।

 

এই পৰিস্থিতিত মোদী চৰকাৰে কলেজিয়ামৰ পৰামৰ্শ মানি ল’বলৈ কুণ্ঠাবোধ কৰে নে নকৰে সেই বিষয়ে কৌতুহলৰ সৃষ্টি হয়। বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰীয়ে আইন মন্ত্ৰী ৰিজিজু আৰু আইন বিভাগৰ ৰাজ্যিক মন্ত্ৰী এছ পি সিং বাঘেলক অপসাৰণ কৰে। ৰাজস্থানৰ বিজেপি সাংসদ অৰ্জুন ৰাম মেঘৱালক আইন মন্ত্ৰালয়ৰ দায়িত্বত স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে।

Previous Post

মাইগ্ৰেইনৰ সমস্যা আছে নেকি? গ্ৰীষ্মকালত কোনো ৭টা নিয়ম মানি নললে বিষ বাঢ়িব?

Next Post

কেতিয়া বিকি –কেটৰিনাক একেলগে দেখিব পর্দাত !! কি ক’লে বিকি কৌশলে ?

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
কেতিয়া বিকি –কেটৰিনাক একেলগে দেখিব পর্দাত !! কি ক’লে বিকি কৌশলে ?

কেতিয়া বিকি –কেটৰিনাক একেলগে দেখিব পর্দাত !! কি ক’লে বিকি কৌশলে ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7