অৱশেষত জল্পনা কল্পনাৰ অন্ত পেলায় অৱশেষত ঘোষণা কৰা হ’ল অস্কাৰ সন্মান ৷ কিন্তু ছয় দশকৰ পাছত এইবাৰ এক বৃহৎ সলনি কৰা হৈছে অস্কাৰ বটাঁ প্ৰদান অনুষ্ঠানত ৷ ৰেড কার্পেট নহয় এইবাৰ চেম্পিয়ন ৰঙৰ কার্পেটত খোজ কাঢ়িলে তাৰকাসকলে ৷ প্ৰথমবাৰৰ বাবে অস্কাৰৰ ৰেড কাৰ্পেটৰ ৰং ঈষৎ হালধীয়া কৰা হৈছে ৷ এইবাৰৰ আয়োজক জিমি কিমেলে একাডেমী বঁটাৰ প্ৰাকক্ষণত কাৰ্পেটৰ ৰং সলনি কৰাৰ কথা ঘোষণা কৰে।
সাধাৰণতে যিকোনো বঁটা প্ৰদান অনুষ্ঠানৰ ৰং ৰেড কাৰ্পেট। অস্কাৰৰ কথা আহিলে এই ধাৰাটো ছয় দশকৰো অধিক সময় ধৰি চলি আহিছে। বঁটা প্ৰদান অনুষ্ঠানৰ পূৰ্বে ৰেড কাৰ্পেটেৰে ওপৰেৰে আহে তাৰকাসকল। সাধাৰণ দৰ্শক ৰেড কাৰ্পেটৰ এই ফটোখন চোৱাত অভ্যস্ত। কেৱল টেলিভিছনৰ সন্মুখতে নহয়, ৰেড কাৰ্পেটৰ বাহিৰতো অনুৰাগী ৰৈ থাকে। যিকোনো বঁটা প্ৰদান অনুষ্ঠানৰ বাবে ৰেড কাৰ্পেট অতি গুৰুত্বপূৰ্ণ অংশ। এইবাৰৰ অস্কাৰে সেই ধাৰা সলনি কৰি আছে। ডলবি থিয়েটাৰ এলেকাত চেম্পিয়ন ৰঙৰ কাৰ্পেটেৰে সজাই তোলা হৈছে। ৬২ বছৰত এই পৰিৱৰ্তনৰ কাৰণ কি?
ইণ্টেৰিয়ৰৰ দায়িত্বত থকা শিল্পীসকলৰ মতে, প্ৰায় দুপৰীয়া-বিয়লিৰ পৰাই কাৰ্পেটত তাৰকাসকল আহিবলৈ আৰম্ভ কৰে। সোণালী ৰঙৰ কাৰ্পেটৰ সিদ্ধান্ত কৰ্তৃপক্ষই সূৰ্য্যৰ লগত মিল ৰাখিছে। ইয়াৰ উপৰিও শেহতীয়াকৈ ৰেড কাৰ্পেটৰ ঠাইত কেইবাখনো ছবিৰ প্ৰিমিয়াৰৰ পৰা আৰম্ভ কৰি বঁটা প্ৰদান অনুষ্ঠানলৈকে অন্যান্য ৰঙীন কাৰ্পেটে ব্যৱহাৰ কৰা হৈছে ৷উদাহৰণস্বৰূপে, মেট গালাত গোলাপী কাৰ্পেট, ডিজনীত নীলা কাৰ্পেট, ‘ব্লেক পেন্থাৰ: ৱাকাণ্ডা ফৰ এভাৰ’ৰ প্ৰিমিয়াৰত বেঙুনীয়া কাৰ্পেট ব্যৱহাৰ কৰা হৈছিল। অতীতৰ গ্লেমাৰেৰে ৰেড কাৰ্পেটৰ পৰা ওলাই আহি ‘কাৰ্পেট’ সংস্কৃতিক নতুন ৰূপত উজ্জ্বল কৰি তুলিবলৈ চেষ্টা কৰিছে কৰ্তৃপক্ষই। সেই কথা মনত ৰাখিয়েই চেম্পিয়ন ৰঙৰ কাৰ্পেটৰ সিদ্ধান্ত লোৱা হৈছে । লগতে, গোল্ডেন আৱাৰ কাৰ্পেটৰ জৰিয়তে ছবি জগতখনৰ “গোল্ডেন আৱাৰ”ক উজ্জ্বল কৰি তুলিবলৈ অভ্যন্তৰীণ সজ্জা শিল্পীসকলে প্ৰচেষ্টা কৰিছে ৷