নিৰ্বাচনৰ আচৰণ বিধি কাৰ্যকৰী হোৱাৰ পিছত টুইট কৰি দলৰ বাবে ভোট বিচৰাটো এতিয়াৰে পৰা নিৰ্বাচনী আচৰণ বিধি উলংঘা হিচাপে গণ্য কৰা হ’ব । বৃহস্পতিবাৰে ত্ৰিপুৰাৰ নিৰ্বাচনৰ পিছত এই মন্তব্য দেশৰ নিৰ্বাচন আয়োগে। এই সন্দৰ্ভত নিৰ্বাচন আয়োগে মানক নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ বাবে বৃহস্পতিবাৰে ত্ৰিপুৰাৰ শাসকীয় বিজেপি আৰু বিৰোধী বাওঁ-কংগ্ৰেছলৈ জাননী প্ৰেৰণ কৰিছে।
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ভোটগ্ৰহণৰ আগদিনা আৰু ভোটগ্ৰহণৰ দিনটোত বিভিন্ন দলে টুইট কৰি ভোটাৰক ভোট দিবলৈ আহ্বান জনায়। বৃহস্পতিবাৰে ত্ৰিপুৰাত বিধানসভা নিৰ্বাচনত সংঘটিত হয় একেধৰণৰ ঘটনা। আৰু সেইবাবেই নিৰ্বাচন আয়োগে সেই ৰাজ্যৰ বিজেপি, কংগ্ৰেছ আৰু চিপিএমলৈ জাননী প্ৰেৰণ কৰে। ইয়াৰ পূৰ্বে নিৰ্বাচনৰ দিনটোৰ আগৰ ৪৮ ঘণ্টাত কোনো দলক টুইট কৰাৰ বাবে আচৰণ বিধি ভংগৰ জাননী জাৰি কৰা হোৱা নাছিল। নিৰ্বাচন আয়োগে ত্ৰিপুৰাৰ শাসকীয় বিজেপিলৈ দুখনকৈ আৰু কংগ্ৰেছ আৰু চিপিএমলৈ এখনকৈ জাননী প্ৰেৰণ কৰিছে। বৃহস্পতিবাৰে আয়োগে পক্ষসমূহক শীঘ্ৰে সংশোধনী ব্যৱস্থা গ্ৰহণ কৰি শুকুৰবাৰে সন্ধিয়া ৫ বজাৰ ভিতৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ সঠিক ব্যাখ্যা দিবলৈ নিৰ্দেশ দিয়ে। জাননী লাভ কৰাৰ পিছতে এই টুইটটো প্ৰত্যাহাৰ কৰে কংগ্ৰেছে।
অহা ২৭ ফেব্ৰুৱাৰীত নাগালেণ্ড আৰু মেঘালয়ত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। পৰৱর্তী বর্ষত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন। নিৰ্বাচন আয়োগৰ সূত্ৰৰ মতে, ইয়াৰ পূৰ্বে সকলো দলকে মানক আচৰণ বিধি সম্পৰ্কে স্পষ্ট বাৰ্তা দিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নিৰ্বাচন আয়োগৰ বিষয়াসকলে জনোৱা মতে, এতিয়াৰ পৰা আচৰণ বিধি কাৰ্যকৰী হোৱাৰ পিছত ছ’চিয়েল মিডিয়াত পোষ্ট কৰি ভোটদানৰ বাবে কৰা আবেদনক আচৰণ বিধি উলংঘা বুলি গণ্য কৰা হ’ব।
ইয়াৰ পূৰ্বে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে ছ’চিয়েল মিডিয়াত ভুৱা তথ্য বিয়পাই ভোটদান প্ৰক্ৰিয়াত প্ৰভাৱ পেলোৱাক লৈ উদ্বেগ প্ৰকাশ কৰিছিল। ইয়াৰ মাজতে নিৰ্বাচন আয়োগে এই সিদ্ধান্ত গ্ৰহণ কৰে।