সংসদৰ শীতকালীন অধিৱেশনৰ পূর্বে অনুষ্ঠিত সর্বদলীয় বৈঠকত নগৰিকত্ব সংশোধনী আইন (কা)ৰ বিৰোধিতা কৰিলে এন ডি এৰ মিত্ৰদল নেচনেল পিপুলচ পার্টী(এন পি পি)-এ ৷ সর্বদলীয় বৈঠকখনত এন পি পিৰ সাংসদ আগাথা চাংমাই ‘কা’ বাতিল কৰিবলৈ দাবী উত্থাপন কৰে ৷ মেঘালয়ৰ তুৰা সমষ্টিৰ সংসদ চাংমাই কয় যে জনসাধাৰণৰ আবেগৰ প্ৰতি লক্ষ্য ৰাখি যিদৰে কৃষি আইনকেইখন বাতিল কৰা হ’ল, ঠিক সেইদৰে ‘কা’ বাতিল কৰিব লাগে ৷
চৰকাৰে আ্হ্বান জনোৱা সর্বদলীয় বৈঠক আৰু সহযোগী দলসমূহক লৈ এন ডি এই আহ্বান জনোৱা বৈঠকতো চাংমাই এই দাবী উত্থাপন কৰে ৷ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশী আৰু পিয়ুষ গোৱেল উপস্থিত থকাৰ সময়তে চাংমাই ‘কা’ বাতিলৰ দাবী উত্থাপন কৰে ৷
এন ডি এৰ বৈঠকখনত আগাথা চাংমাই কয় ‘তিনিওখন কৃ্ষি আইন জনসাধাৰণৰ আবেগৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰা হৈছে ৷ সেয়েহে মই চৰকাৰক আহ্বান জনাইছো যাতে উত্তৰ পূর্বাঞ্চলৰ লোকসকলৰ আবেগৰ প্ৰতি লক্ষ্য ৰাখি কা বাতিল কৰে ৷’
বৈঠকত উত্তৰ পূর্বাঞ্চলৰ আন এন ডি এৰ সহযোগী দলসমূহৰো একেই দাবী নেকি বুলি শীর্ষ নেতৃত্বই চাংমাক প্ৰশ্ন কৰে ৷ বৈঠকখনত চাংমাই কয় ‘ উত্তৰ পূর্বাঞ্চলৰ জনসাধাৰণ আৰু মোৰ দলৰ হৈ মই এই দাবী উত্থাপন কৰিছো ৷ মই আন কেইবাটাও ৰাজনৈতিক দলৰ বিষয়ে জানো যিসকলেও কাৰ বিৰোধিতা কৰে ৷ “