কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু তিনিওটা সামৰিক সেৱা প্ৰধানে মঙলবাৰে ‘অগ্নিপথ’ সামৰিক আঁচনি মুকলি কৰিছে ৷ এই আঁচনিৰ অধীনত চাৰি বছৰৰ বানে সামৰিক বাহিনীসমূহত নিযুক্তি দিয়া হ’ব জোৱান ৷ যাক অগ্নিবীৰ নামেৰে জনা যাব ৷ চাৰি বছৰৰ বাবে প্ৰদান কৰিবলগীয়া এই জোৱানসকলক কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু আছাম ৰাইফলছত নিযুক্তিৰ ক্ষেত্ৰত প্ৰাধান্য দিয়া হ’ব ৷ আজি এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ তেওঁ কয় যে এই কাৰ্যসূচীৰ অধীনত সশস্ত্ৰ বাহিনীত চাৰি বছৰীয়া সেৱা সম্পূৰ্ণ কৰা ‘অগ্নিবীৰসকলে’ অৰ্ধসামৰিক বাহিনী আৰু আছাম ৰাইফলত চাকৰিৰ বাবে অগ্ৰাধিকাৰ দিয়া হ’ব ৷
টুইটাৰযোগে শ্বাহে কয়, “যুৱক-যুৱতীসকলৰ উজ্জ্বল ভৱিষ্যতৰ বাবে অগ্নিপথ যোজনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক দূৰদৰ্শী আৰু আদৰণীয় সিদ্ধান্ত। এই প্ৰেক্ষাপটত আজি গৃহ মন্ত্ৰালয়ে চি এ পি এফ (কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী) আৰু অসম ৰাইফলছত নিযুক্তিৰ বাবে এই আঁচনিৰ অধীনত ৪ বছৰ সম্পূৰ্ণ কৰা অগ্নিবীৰসকলক অগ্ৰাধিকাৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।” শ্বাহে কয় যে এই পদক্ষেপে ‘অগ্নিপথ’ৰ অধীনত প্ৰশিক্ষণপ্ৰাপ্ত যুৱক-যুৱতীসকলে জাতিৰ সেৱা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত অধিক অৰিহণা যোগাব। গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয়, “এই সিদ্ধান্ত সন্দৰ্ভত বিশদ পৰিকল্পনা ইতিমধ্যে আৰম্ভ হৈছে।“
মঙলবাৰে ঘোষণা কৰা ‘অগ্নিপথ’ আঁচনি অনুসৰি মহিলাকে ধৰি সৈনিকক মাত্ৰ চাৰি বছৰৰ বাবে নিযুক্তি দিয়া হ’ব ৷ ইয়াৰে ২৫% জোৱানক আৰু ১৫ বছৰৰ বাবে নিয়মীয়া কেডাৰত ৰখাৰ ব্যৱস্থা কৰা হৈছে। নিযুক্তিপ্ৰাপ্ত সকলৰ নাম হ’ব ‘অগ্নিবীৰ’ আৰু ইউনিফৰ্মৰ অংশ হিচাপেও পিন্ধিব এক সুকীয়া চিহ্ন।