লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ সমষ্টি বাৰাণসীত কেইবাটায়ো কার্যসূচীত অংশগ্ৰহণৰ বাবে উপস্থিত হৈছে । বৃহস্পতিবাৰে সন্ধিয়া তেওঁ বাৰাণসীত উপস্থিত হয়। বৃহস্পতিবাৰে মাজনিশা প্ৰধানমন্ত্ৰী গৰাকীয়ে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক লগত লৈ কেইবাটায়ো স্থান পৰিদর্শন কৰে ৷ তেওঁ নৱনিৰ্মিত শিৱপুৰ-ফুলৱাদিয়া-লাহৰতৰা মাৰ্গ পথ পৰিদৰ্শন কৰে।
পথছোৱা ভ্ৰমণ কৰাৰ পিছত প্ৰধানমন্ত্ৰীয়ে নিজৰ এক্স হেণ্ডেলত এটা পোষ্টত তেওঁ লিখিছে -, “কাশীত অৱতৰণ কৰাৰ পিছত মই শিৱপুৰ-ফুলৱাৰিয়া-লাহৰতাৰা পথটো পৰিদর্শন কৰিলোঁ। শেহতীয়াকৈ উদ্বোধন কৰা এই প্ৰকল্পটোৱে চহৰখনৰ দক্ষিণ প্ৰান্তৰ জনসাধাৰণক অপৰিসীমভাৱে উপকৃত কৰিছে।”
প্ৰশাসনিক সূত্ৰ অনুসৰি ৩৬০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে পথটো। মূলতঃ এই পথ প্ৰকল্পটো যান-জঁটৰ পৰা হাত সাৰিবলৈ নির্মাণ কৰা হৈছে । ইয়াৰ পূৰ্বে বেনাৰস হিন্দু বিশ্ববিদ্যালয় (ভি এইচ ইউ)ৰ পৰা বিমানবন্দৰলৈ যাবলৈ ৭৫ মিনিট সময় লাগিছিল। কিন্তু এই পথটো সম্পূর্ণ হ’লে মাত্ৰ ৪৫ মিনিট সময় লাগিব।
শুকুৰবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে সন্ত গুৰু ৰবিদাসৰ জন্মস্থান পৰিদৰ্শন কৰে। তাত তেওঁ পূজা –অর্চনা কৰে ৷ ইয়াৰ পিছত তেওঁ এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰাৰ কথা। তেওঁ তাত প্ৰায় ১৩ হাজাৰ কোটি টকাৰ চৰকাৰী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।