ৰাছিয়াই চলোৱা আক্ৰমনৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ইউক্ৰেইনতে ঘোষণা কৰা হৈছে জৰুৰীকালীন অৱস্থা ৷ বন্ধ কৰি দিয়া হৈছে দেশখনৰ বিমানবন্দৰ সমূহ ৷ যাৰ ফলত বিভিন্ন দেশৰ নাগৰিকৰ লগতে দেশখনত বন্দী হৈ পৰিছে ২০ সহস্ৰাধিক ভাৰতীয় লোক ৷ এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমানেৰে ইউক্ৰেইনৰ পৰা ভাৰতীয় লোকসকলক অনাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে যদিও বিমানবন্দৰ সমূহ বন্ধ হৈ পৰাৰ ফলত এই অভিযানো বন্ধ ৰাখিবলগীয়া হৈছে ৷ বুধবাৰে ইউক্ৰেইনৰ আকাশৰ পৰা দিল্লীলৈ ওভতি আহিবলগীয়া হ’ল এয়াৰ ইণ্ডিয়াৰ এখন বিমান ৷ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনে আজি ৰাতিপুৱা ইউক্ৰেইনৰ দুটা বিচ্ছিন্নতাবাদী অঞ্চলত ৰাছিয়াৰ বিশেষ বাহিনীক কাম কৰিবলৈ অনুমতি প্ৰদান কৰিছে ৷ এই অঞ্চল দুটাক ৰাছিয়াই সোমবাৰে স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিছিল ৷ ইউক্ৰেইন অভিমুখী সকলো বিমানলৈ প্ৰেৰণ কৰা জাননীৰ পিছত এয়াৰ ইণ্ডিয়াৰ বিমানখন দিল্লীলৈ ঘূৰি অহাৰ সিদ্ধান্ত লয়।
পূৱ ইউক্ৰেইনত বৃহৎ পৰিমাণৰ সামৰিক অভিযান আৰম্ভ হোৱাৰ বাবে আকাশত বাণিজ্যিক বিমানৰ উৰণৰ বিপদাশংকাৰ প্ৰতি লক্ষ্য ৰাখি বিমানবন্দৰ সমূহ বন্ধ কৰি দিয়া হৈছে ৷ উল্লেখ্য যে ২০১৪ চনৰ জুলাই মাহত ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনী আৰু ৰাছিয়াপন্থী বিচ্ছিন্নতাবাদীসকলৰ মাজত হোৱা তীব্ৰ যুঁজৰ মাজত চলোৱা গুলীচালনাত মালয়েছিয়া এয়াৰলাইনছৰ এখন বিমান ধ্বংস হৈছিল আৰু ২৯৮ জন লোক নিহত হৈছিল। ইউক্ৰেইনত বাস কৰা ভাৰতীয় লোকসকলে অভিযোগ কৰা অনুসৰি তেওঁলোকৰ ওভতনি যাত্ৰা যথেষ্ট ব্যয়বহুল ৷ প্ৰতিটো টিকটৰ দাম ১ লাখ টকাৰো অধিক হোৱাত বিমোৰত পৰিছে ভাৰতীয় লোক সকল ৷ ইউক্ৰেইনত ভাৰতীয়সকলৰ বাবে ২৪ ঘণ্টাৰ হেল্পলাইন স্থাপন কৰা হৈছে।