প্ৰায় ৬৮ বছৰৰ পাছত পুনৰ জন্মদাতা প্ৰতিষ্ঠানৰ ওচৰলৈ ঘূৰি আহিল এয়াৰ ইণ্ডিয়া ৷ দেউলীয়া এয়াৰ ইণ্ডিয়াক ১৮,০০০ কোটি টকাত ক্ৰয় কৰিলে টাটাই ৷ নিলামৰ জৰিয়তে টাটাই এয়াৰ ইণ্ডিয়াৰ মালিকীস্বত্ব লাভ কৰে ৷ লগতে এয়াৰ ইণ্ডিয়া এক্সেপ্ৰেছৰো দায়িত্ব লাভ কৰিছে টাটাই ৷ ইয়াৰ লগে লগে এয়াৰ ইণ্ডিয়াৰ ৪৬,২৬২ কোটি টকাৰ ঋণ পৰিশোধ কৰিব লাগিব টাটাই ৷
উল্লেখ্য যে ২০১৮ চনৰ মার্চত এয়াৰ ইণ্ডিয়াৰ নির্বিয়োজনৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিবিদা আহ্বান কৰিছিল ৷ দৈনিক এয়াৰ ইণ্ডিয়াই ২০ কোটি টকাৰ লোকচান ভৰি আছে ৷ যাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এয়াৰ ইণ্ডিয়া বিক্ৰী কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ তিনি বছৰৰ পূর্বে এয়াৰ ইণ্ডিয়াৰ ৭৬শতাংশ শ্বেয়াৰ বিক্ৰী কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও কোনো বিনিয়োগকাৰী আগবাঢ়ি অহা নাছিল ৷
১৯৩২ চনত টাটাই প্ৰতিস্থা কৰিছিল এয়াৰ ইণ্ডিয়া ৷ ১৯৫৩ চনত চৰকাৰে এয়াৰ ইণ্ডিয়াক ৰাষ্ট্ৰায়ত্ব কোম্পানী হিচাপে ঘোষণা কৰিছিল ৷ এই নিবিদাত স্পাইচ জেটেও অংশগ্ৰহণ কৰিছিল৷