পুনৰ ৰাজ্যত আৰম্ভ হৈছে নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ বিৰোধী আন্দোলন ৷ ‘কা’ৰ বিৰুদ্ধে আজি প্ৰতিবাদ সাৱ্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ ‘কা’ বাতিলৰ লগতে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰদান কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আহ্বানত সমগ্ৰ ৰাজ্যজুৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ৷ ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ অন্তত জিলা আয়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰদান কৰা হয় ৷
প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় চৰকাৰ হুছিয়াৰ, কা আমি নামানো ,আন্তঃ ৰাজ্যিক পাৰ পত্ৰ গ্ৰহণ কৰা, নৰেন্দ্ৰ মোদী হায় হায় আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ যুৱ পৰিষদে এইসমূহ দাবীৰ সমর্থনত ধাৰাবাহিক আন্দোলন ঘোষণা কৰিছে ৷ অসমৰ উপৰি দিল্লীতো প্ৰতিবাদ সাৱ্যস্ত কৰিব সংগঠনটোৱে ৷