গুৱাহাটী:-ৰমেন ভৰালী:-অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ এখন সভা আজি ২৪ ছেপ্টেম্বৰত অসম প্ৰকাশন ভাৰতী’ত অখিল ভাৰতীয় সাহিত্য পৰিষদৰ সভাপতি মৃনালিনী দেৱীৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায়। অখিল ভাৰতীয় সাহিত্য পৰিষদৰ সচিব প্ৰধান ড: প্ৰণতি তালুকদাৰে আতধৰা আৰু পৰিষদৰ মুখ্য উপদেষ্টা ধীৰেন শৰ্মাই অখিল ভাৰতীয় সাহিত্য পৰিষদৰ বৰ্ষযোৰা “ৰূপালী জয়ন্তী সমাৰোহ” হিচাপে পালন কৰাৰ কথা অৱগত কৰে।। “ৰূপালী জয়ন্তী সমাৰোহ”ৰ আৰম্ভণি অনুষ্ঠান হিচাপে ১৪ ডিচেম্বৰত গুৱাহাটী কলাক্ষেত্ৰত ২৫ খন পতাকা উত্তোলন, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, আলোচনা চক্ৰ, মুকলি সভা অনুষ্ঠিত হ’ব আৰু মুকলি সভাত অসমৰ মহামহিম ৰাজ্যপালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।বৰ্ষৰ যোৰা কাৰ্যসূচীৰ দ্বিতীয় কাৰ্যসূচী হিচাপে ২০২৪ ৰ মাৰ্চ মাহত দুদিনীয়া কাৰ্যসূচীৰে তেজপুৰত আলোচনা চক্ৰ আৰু অখিল ভাৰতীয় সাহিত্য পৰিষদৰ ”আজীৱন সমাৰোহ” অনুষ্ঠিত কৰাৰ বাবে আলোচনা কৰা হয়। ২০২৪ চনৰ অক্টোবৰত বৰপেটা জিলাৰ পাঠশালাত ” ভাৰতীয় সাহিত্যৰ প্ৰেক্ষাপটত অসমীয়া মহিলা সাহিত্যিকৰ ভুমিকা” শীৰ্ষক আলোচনাচক্ৰ আৰু জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক ড: বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ শতবৰ্ষ উপলক্ষে স্মাৰক বক্তৃতা অনুষ্ঠান, আৰু ২০২৫ বৰ্ষত অখিল ভাৰতীয় সাহিত্য পৰিষদৰ ৰূপালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠানৰ লগতে পৰিষদৰ ত্ৰি-বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰিব। ৰূপালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী আৰু সৰ্বভাৰতীয় সাহিত্যিকক আমন্ত্ৰণ জনোৱাৰ কথা ব্যক্ত কৰে। ৰূপালী জয়ন্তী সমাৰোহৰ লগত সংগতি ৰাখি ৫ খন গ্ৰন্থ প্ৰকাশ কৰাৰ কথাও অৱগত কৰে। সভাত অখিল ভাৰতীয় সাহিত্য পৰিষদৰ প্ৰাক্তন সচিব প্ৰধান কমল কলিতা, পৰিষদৰ মুখপাত্ৰৰ সম্পাদক বিৰজা দেৱী, বিশিষ্ট সাহিত্যিক চাৰু চহৰীয়া, পৰিষদৰ আজীৱন সদস্য ৰমেন ভৰালী, জগদীশ শৰ্মা আদি উপস্থিত আছিল। ।