নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ প্ৰযোজ্য হ’লে পুনৰ আন্দোলন কৰাৰ হুংকাৰ দিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে। বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথমদিনাই অখিল গগৈয়ে “কা আমি নামানো “ লিখা প্লেকার্ড প্ৰদর্শন কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে ৷
তেওঁ কয় – “কা প্ৰযোজ্য হ’লে যিকোনো পৰিস্থিতিৰ বাবে আমি সাজু। কা বলবৎ হোৱাৰ লগে লগে প্ৰতিবাদ কৰা হ’ব। বিজেপিৰ প্ৰথম প্ৰতিশ্ৰুতি আছিল বিদেশী বহিস্কাৰ, কিন্ত এতিয়া বিদেশীৰ বোজা জাঁপি দিব বিচাৰিছে ৷ কা প্ৰযোজ্য হ’লে লাখ-লাখ বিদেশীয়ে অসমত নাগৰিকত্ব লাভ কৰিব।’’
ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়কজনে কয় ‘‘ বিজেপিয়ে এ্টাও প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই ৷ বিজেপিৰ প্ৰতিশ্ৰুতি আছিল বানমুক্ত কৰা ৷ কিন্ত বৃহৎ নদীবান্ধ হোৱাৰ ফলত এতিয়া বানপানী অধিক হৈছে। ৬ জনগোষ্ঠীৰ জনজাতিকৰণ নহ’ল বিজেপিৰ দিনত। মোদী শাসনলৈ অহাৰ পাছতে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰা হল। বিজেপি চৰকাৰে একোয়েই নকৰিলে। বিদেশীমুক্ত কৰা মোদীৰ গ্যাৰাণ্টী অসাৰ, মোদী গ্যাৰাণ্টীৰ মূল্য নাই। “