২০২১ চনৰ বিধান সভা নিৰ্বাচনৰ পিছত অসম চৰকাৰৰ প্ৰথম খন বাজেট অধিবেশনত ইতিমধ্যে গো-সুৰক্ষা ৰ ওপৰত গুৰুত্ব আৰোপ কৰি চৰকাৰ খনে গো-সুৰক্ষা বিধেয়ক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ লোৱা দেখিবলৈ পোৱা গৈছে।
বিধেয়ক খনৰ মতে মতা গৰুৰ জন্ম নিয়ন্ত্ৰণ কৰি কেবল মাইকী গৰুৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে অসমত গাখীৰৰ চাহিদা পূৰণ কৰাৰ বাবেও চৰকাৰ খনে প্ৰস্তাৱ গ্ৰহণ কৰিছে।
বৃহস্পতি বাৰে বিধান সভা অধিবেশনত গো-সুৰক্ষা বিধেয়ক উত্থাপন কৰি শুক্ৰবাৰ অৰ্থাৎ কাইলৈ অধিবেশনৰ অন্তিম দিনটোত অসম চৰকাৰে বিধেয়ক খন গৃহীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
কিন্তু চৰকাৰৰ এই পদক্ষেপৰ বিৰুদ্ধে এতিয়া সৰৱ হৈ উঠিছে এসময়ৰ কৃষক নেতা তথা ৰাইজৰ দলৰ দলপতি তথা বৰ্তমান শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ।
গো-সুৰক্ষা বিধেয়কৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অখিল গগৈয়ে কয় যে এই বিধেয়ক খন কেৱল মুছলমান আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক সকলক হাৰাশাস্তি কৰিবৰ বাবেহে গ্ৰহণ কৰা হৈছে।
ইয়াৰোপৰি এই গো-বিধেয়কখন বিজেপি আৰু আৰএছএছৰ এক হিন্দুত্ববাদী প্ৰতিশোধ পৰায়ণ মনোবৃত্তিৰ ফল বুলিও গগৈয়ে অভিযোগ উত্থাপন কৰে।
উক্ত বিধেয়ক খনে গ্ৰাম্য অৰ্থনীতিত যথেষ্টখিনি কু-প্ৰভাৱ পেলাব বুলি মন্তব্য প্ৰকাশ কৰি বিধায়ক জনে কয় যে গৰু বেচা- কিনাৰ ক্ষেত্ৰত চৰকাৰে যি কঠোৰ নিয়ম বলৱৎ কৰিছে,তাৰ ফলশ্ৰুতিত এটা গৰু কামৰ অনুপযোগী হলে তাক এনেই পুহি ৰাখিবলগীয়া হোৱাটো এক চিন্তাৰ বিষয় হ’ব।
কিয়নো অসমৰ খেতিয়ক সকল আৰ্থিকভাৱে সিমানো স্বচ্ছল নহয় যে দীৰ্ঘ সময় গৰু এটা পুহিব পাৰিব।বৰ্তমান সময়ত গৰু পোহাতো হাতী এটা পোহাৰ নিচিনাহে হ’ব বুলি তেওঁ মত ব্যক্ত কৰে। একেদৰে চৰকাৰে গো-বিধেয়কৰ যোগেদি দমৰা গৰুৰ জন্ম নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলে মতা গৰু অবিহনে অসমীয়া খেতিয়কৰ কোনো অস্তিত্ব নাথাকিব বুলিও তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
গো-বিধেয়কখনক লৈ যে বিধায়ক গৰাকী মুঠেই সন্তুষ্ট নহয় তেওঁৰ এই মন্তব্যই তাৰেই স্পষ্ট ইংগিত বহন কৰিছে।