অজি শিলচৰত উপস্থিত হোৱা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তৰা গোচৰ উঠাই লোৱাৰ হুংকাৰ প্ৰদান কৰে মিজোৰাম চৰকাৰক।
সাংবাদিকৰে হোৱা মুখামুখিত বিধায়কজনে কয় যে কোনো সময়ত অসমৰ সীমা সমস্যাক লৈ আমি মুখ্যমন্ত্ৰীক সমালোচনা কৰি আহিছো যদিও মিজোৰাম আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তৰা এই গোচৰ কোনো কাৰণতে সহ্য কৰা নহ‘ব বুলি হুংকাৰ প্ৰদান কৰে বিধায়ক গৰাকীয়ে।
সীমান্তত সৰৱ হৈ পৰা বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ সমৰ্থনত এইবাৰ মুখ খুলিলে । শিলচৰত উপস্থিত হৈ মিজোৰামক এই গোচৰ উঠাই লোৱাৰ দাবী বিধায়ক জনৰ।সীমান্তত মিজোৰামক কঠোৰ সকিয়নী দিয়ে অখিল গগৈয়ে।
বিগত সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই জটিল সময়ত সকলো দল সংগঠন একত্ৰিত হোৱাৰ আহ্বান জনাই আহিছিল। আৰু অৱশেষত ৰাইজৰ দলৰ নেতা তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ সমৰ্থনত ৰাজহুৱাকৈ হুংকাৰ প্ৰদান কৰিলে মিজোৰাম চৰকাৰক।
আজি মুখ্যমন্ত্ৰীৰ সমৰ্থনত মুখ খোলা বিধায়ক জনৰ এই সকিয়নীয়ে অসমৰ ৰাজনীতিত বিশেষ তাৎপৰ্য বহন কৰিছে।