ক’ভিডৰ সংক্ৰমন অব্যাহত থকাৰ সময়তে উত্তৰ প্ৰদেশৰ নির্বাচনৰ প্ৰচাৰো আৰম্ভ হৈছে ৷ নির্বাচনী আয়োগৰ নীতি- নির্দেশনা অনুসৰি ৰাজনৈতিক দলসমুহে আৰম্ভ কৰিছে নির্বাচনী প্ৰচাৰ অভিযান ৷ ইপিনে, অজি বিধানসভা নির্বাচনৰ প্ৰার্থী তালিকা প্ৰকাশ কৰিছে সমাজৱাদী পার্টীয়ে ৷ দলটোৰ মুৰব্বী অখিলেশ যাদৱে মৈনপুৰী জিলাৰ কাৰহাল আসনৰ পৰা প্ৰথম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব ৷ পশ্চিম উত্তৰ প্ৰদেশৰ ১১ খন জিলাৰ ৫৮ টা বিধানসভা খণ্ডৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিল আৰম্ভ হৈছে । নিৰ্বাচনী পেনেলে নখন জিলাৰ ৫৫ টা বিধানসভা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ বাবেও জাননী জাৰি কৰিছে।
ইফালে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি চামলি, মিৰাট আৰু কৈৰানাত ঘৰে ঘৰে আজি প্ৰচাৰ অভিযান চলায় । নিৰ্বাচনৰ পূৰ্বে প্ৰচাৰ চলোৱাৰ লগতে দলীয় কর্মীৰ সৈতে মত বিনিময় কৰিব ৷