দৈহিক স্বাস্থ্যৰ লগতে শিশুসকলৰ মানসিক স্বাস্থ্য সুস্থিৰ কৰি ৰখাটো অত্যন্ত প্ৰয়োজনীয় বুলি মতপোষণ কৰি আহিছে বিশেষজ্ঞ সকলে।ক্ৰমবৰ্ধমান সমস্যা, অত্যাধিক অধ্যয়নৰ হেঁচা, মোবাইল ইণ্টাৰনেটৰ অবাধ ব্যবহাৰ আদিয়ে শিশুসকলৰ মানসিক স্বাস্থ্যত অত্যন্ত প্ৰভাৱ পেলাই আহিছে। যাৰ বাবে দেশজুৰি উদ্বেগজনক ভাবে বৃদ্ধি পাই আহিছে শিশুৰ আত্মহত্যাৰ ঘটনা। বিশেষকৈ 2020 চনত শিশুৰ আত্মহত্যাৰ পৰিসংখ্যাই আচৰিত কৰি তুলিব আপোনাক। 2020 বৰ্ষত প্ৰতিদিনে দেশত আত্মহত্যা কৰিছে 31 জন শিশুৱে।
এই তথ্য প্ৰকাশ কৰিছে এন চি আৰ বিয়ে। মুঠ 11,396 জন শিশুৱে বিগত বৰ্ষটোত আত্মহত্যা কৰিছে। এই সংখ্যা 2019 বৰ্ষৰ তুলনাত 18 শতাংশ অধিক। 2019 চনত 9613 জন শিশুৱে আত্মহত্যা কৰিছিল। আনহাতে, 2018 বৰ্ষৰ তুলনাত বিগত বৰ্ষত শিশুৰ আত্মহত্যাৰ সংখ্যা 21 শতাংশ বৃদ্ধি পাইছে। 2018 চনত 9,413 জন শিশুৱে আত্মহত্যা কৰিছিল বুলি এন চি আৰ বিৰ তথ্যত প্রকাশ।
অৱশ্যে এন চি আৰ বিৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি পৰিয়ালৰ সমস্যাৰ বাবেই অধিক সংখ্যক শিশুৱে আত্মহত্যা কৰিছে। পৰিয়ালজনিত সমস্যাৰ বাবে প্রায় 4000 জন শিশুৱে আত্মহত্যা কৰিছে। তদুপৰি প্ৰেমজনিত সমস্যাৰ বাবে1337 জন আৰু অসুস্থতাৰ বাবে 1329 জন শিশুৱে আত্মহত্যাৰ পথ বাচি লৈছে। তদুপৰি ড্ৰাগছ, সংস্থাপনহীনতা আদিও আত্মহত্যাৰ আন উল্লেখযোগ্য কাৰণ হিচাপে বিবেচনা কৰা হৈছে।
একাংশ বিশেষজ্ঞই কভিডৰ বাবে সৃষ্টি হোৱা প্রচণ্ড মানসিক চাপৰ বাবেও বহু শিশুৱে আত্মহত্যা কৰিছে। চেভ দ্যা চিল্ডৰেন নামৰ সংস্থাৰ শিশু অধিকাৰৰ উপ সঞ্চালক প্ৰভাত কুমাৰে কয় “আমি বহু সময়ত শিশুৰ শিক্ষা আৰু দৈহিক স্বাস্থ্যৰ যতন লওঁ। কিন্তু আমি তেওঁলোকৰ আবেগিক সুস্থিৰতা আৰু মানসিক-সামাজিক সমৰ্থন দিবলৈ পাহৰি যাওঁ। শিশু সকলৰ মাজত আত্মহত্যাৰ প্ৰৱণতা বৃদ্ধি পোৱাতো সমগ্ৰ ব্যবস্থাৰ ব্যৰ্থতা।” পিতৃ-মাতৃ , পৰিয়াল, ওচৰ চুবুৰীয়া আৰু চৰকাৰে একত্ৰিত ভাবে প্ৰচেষ্টা চলাই এনে এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব ,যত শিশুসকলে নিজৰ সম্ভাৱনীয়তাক বিকাশ কৰি উজ্জ্বল ভৱিষ্যত গঢ়ি তুলিব পাৰে। আন একাংশ বিশেষজ্ঞৰ মতে মহামাৰীয়ে সৃষ্টি কৰা ভয়ে শিশুসকলৰ মানসিক স্বাস্থ্যত প্ৰভাৱ পেলাইছে।