অসমত অতি প্ৰাচীন কালৰে পৰা বিভিন্ন জাতি – জনজাতিৰ লোক সকলে বিহু উৎসৱটিক বছৰৰ বিভিন্ন সময়ত বিভিন্ন ৰূপত পালন কৰি আহিছে। ইয়াৰ ভিতৰত মিচিং লোক সকলে ফাগুন মাহত পালন কৰা ‘আলি – আয়ে – লৃগাং” উৎসৱটি অন্যতম। অতি প্ৰাচীন কালৰে পৰা অসমৰ মিচিং জনজাতিৰ লোক সকলে মাঘ বিহু আৰু ব’হাগ বিহুৰ আনুষংগিক ৰূপে মূলতঃ কৃষি উৎসৱ হিচাপে আলি – আয়ে- লৃগাং উৎসৱটি পালন কৰি আহিছে।
আলি -আয়ে- লৃগাঙৰ অৰ্থ হ’ল শষ্য সিঁচা উৎসৱ বা শষ্য সিঁচাৰ প্ৰথম দিন। ‘আলি’ মানে শষ্য আৰু কঠীয়া , ‘আয়ে’ মানে ফল আৰু ‘লৃগাং’ মানে শষ্য সিঁচাৰ প্ৰথমটো দিন বা গুটি সিঁচাৰ আৰম্ভণি। সেয়ে মিচিং সকলে মাটিত শষ্যৰ বীজ সিঁচাৰ পিছত সেইবোৰ যাতে পোক – পৰুৱা আৰু জীৱ- জন্তুৱে নষ্ট কৰিব নোৱাৰে , তাৰ বাবে পূৰ্বপুৰুষ আৰু বসুমতীক সেৱা প্ৰাৰ্থনা জনায়।
মিচিং সকল সাধাৰণতে কৃষিজীৱী লোক। কৃষিজীৱী মিচিং লোক সকলৰ কৃষি সম্পৰ্কীয় চিন্তা-চৰ্চা , ধ্যান- ধাৰণা , লোকবিশ্বাস আদিৰ সুন্দৰ সমাজ জীৱনৰ ছবি এখন প্ৰতিফলিত হৈছে আলি আই লৃগাং উৎসৱটিৰ জৰিয়তে।
বসন্ত ঋতুৰ আগমনৰ লগে লগে মিচিং সকলে কৃষি কৰ্মত আত্মনিয়োগ কৰাৰ উদ্দেশ্যৰে বিভিন্ন উপাচাৰেৰে ফাগুণ মাহৰ প্ৰথমটো বুধবাৰে এই উৎসৱটি পালন কৰে। মিচিং সমাজৰ জনবিশ্বাস মতে বুধ বাৰটো অতিকৈ শুভ আৰু শক্তিশালী দিন। তাৰোপৰি ফাগুণ মাহটো সকলো ফালৰ পৰাই শ্ৰেষ্ঠ কিয়নো এই সময় খিনিত সকলোৰে ঘৰত প্ৰয়োজনীয় খাদ্য সামগ্ৰী মজুত থকা বাবে খোৱা -বোৱাৰ বিশেষ নাটনি নহয়। সেয়েহে ফাগুণ মাহৰ প্ৰথমটো বুধবাৰে উত্তম দিন বুলি পৰম্পৰাগত ভাৱে আলি আয়ে লৃগাং উৎসৱটি পালন কৰি আহিছে।
আলি আই লৃগাং উৎসৱটি আৰম্ভ হোৱাৰ দুই-এদিন আগৰে পৰা মিচিং গাঁওৰ ৰাইজে লগ লাগি নদী-বিল আদিত মাছ মাৰে আৰু হাবিত চৰাই-চিৰিকটি , পহু -গাহৰি আদি চিকাৰ কৰে আৰু এইদৰে পোৱা মাছ- মঙহবোৰ সকলোৱে ভগাই লয়। ইয়াৰ দ্বাৰা তেওঁলোকৰ ভাতৃত্ববোধ আৰু ঐক্য মনৰ নিদৰ্শণ পোৱা যায়।
আলি আই লৃগাং উৎসৱৰ দিনা কাহিলীপুৱাতে ঘৰৰ গিৰীহঁতে পথাৰলৈ গৈ কঠীয়া সিঁচি আহে আৰু খেতিৰ লগত জৰিত ব্যৱহাৰ কৰা দা- কোৰবোৰক আপঙেৰে ধুৱাই দিয়াৰ পাছত চাঙত তুলি থৈ দিয়ে। মিচিং সমাজে বিশ্বাস কৰে যে আলি আই লৃগাঙৰ দিনা সেইবোৰ অস্ত্ৰ ব্যৱহাৰ কৰিলে অমংগল হয়। এয়া মিচিং সমাজৰ সুন্দৰ লোকবিশ্বাস ।
উৎসৱৰ দিনা গাঁওৰ ৰাইজে ভোজ-ভাতৰ আয়োজন কৰে । পূৰ্ব-পুৰুষ সকলৰ আত্মাই যাতে কষ্ট নাপায় আৰু সদায় তেওঁলোকৰ সতি- সন্তানবোৰৰ মংগল কামনা কৰি থাকে সেই উদ্দেশ্য আগত ৰাখি মাছ , মঙহ , আপং আদিবোৰ প্ৰথমতে তেওঁলোকৰ ইষ্টদেৱতা আৰু পূৰ্ব-পুৰুষৰ স্মৃতিত উছৰ্গা কৰে। উৎসৱৰ দিনা নিশা গাঁওৰ ডেকা- গাভৰুৱে মিলি বিহু পাতে। এই বিহুত গাঁওৰ লৰা- বুঢ়াৰ পৰা আৰম্ভ কৰি জীয়াৰী- বোৱাৰী সকলোৱে ঘৰত তৈয়াৰ কৰা পৰম্পৰাগত পোছাক পিন্ধি বিহু নাচে। লোক বিশ্বাস আছে যে এইদৰে নৃত্য-গীত পৰিৱেশন কৰিলে বসুমতী সন্তুষ্ট হয় আৰু পৃথিৱীলৈ বৰষুণ নামি আহি শষ্য গজি উঠাত সহায়ক হয়।
মিচিং সকলৰ আলি-আয়ে-লৃগাং লোকবিশ্বাস আধাৰিত আনন্দ উলাহৰ এক অনুষ্ঠান। এই উৎসৱে কেৱল শষ্য সিঁচাৰ উদ্দেশ্যই পালন নকৰে । সামাজিক ঐক্য , আত্মীয়তা , চিন্তাচৰ্চা , ধ্যান-ধাৰনা , একতা , ভাতৃত্ববোধ আৰু সমন্বয় সাধনতো বিশেষ ভূমিকা পালন কৰি আহিছে আলি আই লৃগাঙে।