জৈছ ই মহম্মদৰ মুৰব্বী তথা দুধর্ষ সন্ত্ৰাসবাদী মাছুদ আজাহাৰ ক’ত আছে ! তাক লৈ বিভিন্ন সময়ত বিভিন্ন বাতৰি প্ৰকাশ পাই আহিছে ৷ একাংশই আজাহাৰ পাকিস্তানত থকাৰ পৰিৱর্তে আন একাংশই আফগানিস্তানত লুকাই থকা বুলি প্ৰকাশ কৰি আহিছে ৷ ইয়াৰ মাজতে পাকিস্তানে মাছুদ আজাহাৰক লুকুৱাই ৰখা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে তালিবানৰ মুখপাত্ৰ জাবিউল্লাহ মুজাহিদে ৷ তেওঁ জইছ-ই-মহম্মদ (জেএম)ৰ মুৰব্বী মৌলানা মাছুদ আজহাৰ আফগানিস্তানত থকাৰ কথা অস্বীকাৰ কৰি কয় যে প্ৰকৃততে পাকিস্তানতহে আশ্ৰয় লৈ আছে আজাহাৰে ৷
পাকিস্তানে জৈছ-ই-মহম্মদ (জেএম)ৰ মুৰব্বী মৌলানা মাছুদ আজহাৰক গ্ৰেপ্তাৰ কৰাৰ বাবে আফগানিস্তানলৈ পত্ৰ প্ৰেৰণ কৰাৰ পাছতে এই প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে ৷ লগআফগানিস্তানৰ নাংগাৰহাৰ আৰু কানহাৰ অঞ্চলত মৌলানা মাছুদ আজহাৰ সম্ভৱতঃ লুকাই থকা বুলি উল্লেখ কৰা হৈছে ৷
পত্ৰখনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইছলামিক ৰাষ্ট্ৰখনৰ মুখপাত্ৰ জাবিউল্লাহ মুজাহিদে কয় যে, “জৈছ-ই-মহম্মদ গোটৰ নেতা আফগানিস্তানত নাই। এই সংগঠন পাকিস্তানত থাকিব পাৰে। যিয়েই নহওক, তেওঁ আফগানিস্তানত নাই । আমাৰ প্ৰতিক্ৰিয়া হৈছে যে পাকিস্তানৰ অভিযোগ এইটো সঁচা নহয়।’
তদুপৰি তালিবান নেতৃত্বাধীন বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে এনে অভিযোগে কাবুল আৰু ইছলামবাদৰ মাজৰ সম্পৰ্কত প্ৰভাৱ পেলাব পাৰে। তালিবানীৰ মুখপাত্ৰ আব্দুল কাহাৰ বালখীয়ে কয় যে আমি সকলো পক্ষকে কোনো প্ৰমাণ আৰু নথি-পত্ৰৰ অভাৱত এনে অভিযোগৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছো। এনেধৰণৰ সংবাদ মাধ্যমৰ অভিযোগে দ্বিপাক্ষিক সম্পৰ্কত বিৰূপ প্ৰভাৱ পেলাব পাৰে।