৮/০৯/২৩ গুৱাহাটী : খানাপাৰাস্থিত গণেশ মন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন অহা ইংৰাজী ১৫, ১৬, ১৭ ডিচেম্বৰ তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ৷ সোণালী জয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি অহা ৮ অক্টোবৰ তাৰিখে ক্ৰিকেট প্ৰতিযোগিতা আন্তঃবিদ্যালয় ভিত্তিত অনুষ্ঠিত হ’ব ৷ প্ৰতিযোগিতাৰ প্ৰথম আৰু দ্বিতীয় বিজয়ী দলক যথাক্ৰমে দহ হাজাৰ আৰু পাঁচ হাজাৰ টকা পুৰষ্কাৰ প্ৰদান কৰা হ’ব। ১৫ অক্টোবৰ তাৰিফৰ পৰা কাবাডি, কেৰম আৰু ল’ৰাৰ পাঞ্জা খেল প্ৰতাযোগিতা অনুষ্ঠিত হ’ব। কাবাডি খেল ল”ৰা আৰু ছোৱালীৰ নবম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ সীমাবদ্ধ থকা শাখাৰ প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰ নগদ দহ হাজাৰ আৰু পাঁচ হাজাৰ টকা উভয় শাখাতে প্ৰদান কৰা হ’ব । কেৰম প্ৰতিযোগিতা নবম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ সীমাবদ্ধ থকা ল’ৰা-ছোৱালী উভয় শাখাত নগদ দুই হাজাৰ আৰু এক হাজাৰ টকা প্ৰথম আৰু দ্বিতীয়ক প্ৰদান কৰা হ’ব। দুটা শাখাত সীমাবদ্ধ থকা ল’ৰাৰ পাঞ্জা প্ৰতিযোগিতাত প্ৰথম দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ যথাক্ৰমে তিনি হাজাৰ, দুই হাজাৰ আৰু এক হাজাৰ আগবঢ়োৱা হ’ব ৷ মাৰাথন দৌৰ প্ৰতিযোগিতাত ল’ৰা-ছোৱালী উভয় শাখাতে প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম স্থান প্ৰাপ্ত প্ৰতিযোগীক একাদিক্ৰমে পাঁচ হাজাৰ, চাৰি হাজাৰ, তিনি হাজাৰ, দুই হাজাৰ, এক হাজাৰ টকা নগদ পুৰস্কাৰ থাকিব ৷ ২৯ অক্টোবৰ তাৰিখে অনুষ্ঠিত হ’ব লগা জেভলিন থ্ৰ’ প্ৰতিযোগিতাৰ উভয় শাখাতে প্ৰথম, দ্বিতীয়, তৃতীয় স্থানপ্ৰাপ্ত প্ৰতিযোগীক দুই হাজাৰ, পোন্ধৰশ আৰু এক হাজাৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব ৷
কামৰূপ মহানগৰ জিলাভিত্তিত অনুষ্ঠিত প্ৰতিযোগিতাৰ ইচ্ছু্ক প্ৰতিযোগীসকলক অহা ২০ চেপ্তেম্বৰৰ ভিতৰত বিদ্যালয়ৰ প্ৰধানৰ জৰিয়তে উদযাপন সমিতিৰ খেল বিভাগৰ সভাপতি জেহেৰুল ইছলাম আৰু সম্পাদক সঞ্জয় টেৰণৰ ফোন নাম্বাৰ যথাক্ৰমে ৯৮৫৯৪৮৩৩০৯ আৰু ৬০০০০৫২৯৮৮ নম্বৰৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ’ল ৷