গুৱাহাটী, ৪ জানুৱাৰী : ‘দেশৰ অগ্ৰণী পাঁচখন ৰাজ্যৰ ভিতৰত অসমক তালিকাভুক্ত কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি মিত্ৰজোঁটৰ চৰকাৰে সকলো দিশতে বিভিন্ন পৰিকল্পনা লৈ কাম কৰি আহিছে। বিশেষকৈ ৰাজ্যখনৰ পিছপৰা জনগোষ্ঠীসমূহে যাতে সমাজৰ অন্য জনগোষ্ঠীসমূহৰ লগত সমানে ফেৰ মাৰি আগবাঢ়ি যাব পাৰে তাৰ কাৰণে বিভিন্ন ধৰণৰ পৰিকল্পনা গ্ৰহণ কৰিছে এই চৰকাৰে। জনগোষ্ঠীসমূহৰ সমস্যা আছে কিন্তু এই সমস্যাসমূহ সংশ্লিষ্ট জনগোষ্ঠীৰ সংগঠনসমূহৰ লগত মুখ্যমন্ত্রী ড০ শর্মাই সৌহাদ্যপূর্ণ আলাপ-আলোচনাৰ মাজৰে সমাধানৰ পথ উলিয়াবলৈ সক্ষম হৈছে আৰু যিবোৰ সমস্যা আছে সমাধন কৰিবলৈ প্রচেষ্টা অব্যাহত আছে।’
উল্লেখ্য যে মহানগৰীৰ বৰবাৰি মেগজিনস্থিত বীৰাংগানা সাধনী ভৱনৰ চৌহদত আজি মুখ্যমন্ত্ৰীৰ এককালীন বিশেষ সাহায্য পুঁজিৰে নিৰ্মাণ হ’বলগীয়া চুতীয়া ছাত্ৰ সন্থাৰ কাৰ্যালয় আৰু ছাত্ৰাবাসৰ শিলান্যাস কৰি এইদৰে মন্তব্য কৰে অসম চৰকাৰৰ জ্যেষ্ঠমন্ত্রী তথা কৃষিকে ধৰি আনুসংগিক খণ্ডৰ মন্ত্ৰী অতুল বৰাই। আজি পুৱাই চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰা, চুতীয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ কুলকলম বৰুৱাৰ উপস্থিতিত কৃষিমন্ত্ৰী বৰাই নিৰ্মাণ কাৰ্য আনুষ্ঠানিকভাৱে আৰম্ভ কয় যে ৰাজ্য চৰকাৰে চুতীয়া জনগোষ্ঠী উন্নয়নৰ বাবে শেহতীয়াকৈ ২৫ কোটি টকা প্ৰদান কৰিছিল। তাৰে এটা অংশ অর্থাৎ এক কোটি ৭৩ লাখ টকাৰে চুতীয়া ছাত্ৰ সন্থাৰ কাৰ্যালয় আৰু এটা ছাত্রাবাস নিৰ্মাণৰ কাম আৰম্ভ হৈছে বুলি তেওঁ মন্তব্য কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাৰ।
নেতৃত্বত ৰাজ্যখনৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ উন্নয়নৰ সম্ভৱ হৈ উঠিছে বুলি কয়। সামন্তৰালভাৱে প্ৰতিটো জনগোষ্ঠীৰ উন্নয়ন পৰিষদ আৰু স্বায়ত্তশাসিত পৰিষদসমূহক মুখ্যমন্ত্ৰীয়ে যথেষ্ট গুৰুত্ব সহকাৰে লৈ জনগোষ্ঠীসমূহৰ উন্নয়নৰ দিশটো তান্বিত কৰি তুলিছে বুলি মন্ত্ৰী বৰাই উল্লেখ কৰি পুনৰ কয়, মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে যে দেশৰ অগ্ৰণী পাঁচখন ৰাজ্যৰ তালিকাত অসমে স্থান লাভ কৰিব লাগিব। এই ক্ষেত্ৰত সকলো জাতি-জনগোষ্ঠী আগবাঢ়ি গ’লেহে ৰাজ্যখনৰ সৰ্বাংগীন বিকাশ সম্ভৱপ আৰু নিজৰ লক্ষ্যত উপনীত হ’ব পাৰিম।’ উল্লেখ্য যে অনুষ্ঠানটো আঁত ধৰি চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰাজু চুতীয়াই নিৰ্মাণ হ’বলগীয়া এই ছাত্রাবাসত অর্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ শিক্ষাৰ্থীসকলে বিনামূলীয়াকৈ সুবিধা লাভ কৰিব বুলি কয় ।