ৰাজপথৰ কুকুৰৰ সন্ত্ৰাসৰ বাবেই বন্ধ ঘোষণা কৰিবলগীয়া হ’ল কেৰালাৰ কোঝিকোডত অংগনবাড়ী কেন্দ্ৰ আৰু বিদ্যালয়। জিলাখনৰ কুঠালী পঞ্চায়ত অঞ্চলত শেহতীয়াকৈ পথৰ কুকুৰে স্কুলীয়া ছাত্ৰ-ছাত্ৰী, মহিলা আৰু বৃদ্ধক আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে ৷ কুকুৰে কামোৰাৰ ফলত দুজন লোকৰ মৃত্যু হৈছে । ইয়াৰ বাবেই জিলাখনৰ ছখন বিদ্যালয় আৰু ১৭টা অংগনবাড়ী কেন্দ্ৰ সোমবাৰে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে প্ৰশাসনে।
কেৰালাৰ কোঝিকোডৰ কেইবাটাও পঞ্চায়ত এলেকাত অঘৰী কুকুৰৰ তাণ্ডৱ চলি আহিছে ৷ পৰিস্থিতি এনেকুৱা যে সাধাৰণ মানুহে ৰাজপথলৈ ওলাই আহিবলৈ ভয় কৰিবলগীয়া হৈছে । স্কুলীয়া ছাত্ৰ-ছাত্ৰী, মহিলা আৰু বৃদ্ধসকলক কুকুৰে লক্ষ্য কৰি লৈছে। কিছুদিন পূৰ্বে চাৰিজন লোকক বাটৰ কুকুৰে কামুৰিছিল। ইয়াৰে দুগৰাকী মহিলা।
স্থানীয় প্ৰশাসনে কুকুৰ ধৰিবলৈ অভিযান আৰম্ভ কৰিছে যদিও সকলো কুকুৰ ধৰা পৰা নাই। এনে পৰিস্থিতিত সোমবাৰে কুঠালীৰ ছখন বিদ্যালয় আৰু ১৭টা অংগনবাড়ী কেন্দ্ৰ বন্ধ কৰি দিয়া হৈছে, যাতে বিদ্যালয়ৰ শিশুসকলক কুকুৰে আক্ৰমণ নকৰে। কুকুৰে কামোৰা লোকসকলৰ শৰীৰত জলাৰতংক ৰোগৰ কলক্ষণে দেখা দিয়াৰ পাছতে শিক্ষানুষ্ঠানসমূহ বন্ধ ঘোষণা কৰা হয় ৷ কুঠালী পঞ্চায়তৰ মুৰব্বী বিন্দু কে কেয়ে কয়, ‘ধৰা পৰা কুকুৰকেইটাৰ লেলাউতি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷ তাত জলাতংক ৰোগৰ লক্ষণ ধৰা পৰিছে ৷ অংগনবাড়ী কেন্দ্ৰৰ বিদ্যালয় বন্ধ কৰাৰ সন্দৰ্ভত বিন্দুৱে কয়, “সহকাৰী শিক্ষা বিষয়া আৰু শিক্ষকৰ সৈতে কথা পতাৰ পিছত সোমবাৰে বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হয়।”
প্ৰসংগক্ৰমে এটা অঘৰী কুকুৰে কামোৰাৰ ফলত অঞ্চলটোত এগৰাকী মহিলাৰ মৃত্যু হয়। মহিলাগৰাকীয়ে কামোৰাৰ পিছত দুটা বেজীও লৈছিল । তথাপিও তেওঁৰ প্ৰাণ ৰক্ষা কৰিব পৰা নাছিল। আক্ৰমণকাৰী কুকুৰটোৰ জলাতংক ৰোগৰ লক্ষণ দেখা দিয়া বুলি জানিব পৰা গৈছে। ইয়াৰ পূৰ্বে কান্নুৰত অটিজিম ৰোগত আক্ৰান্ত এজন ১১ বছৰীয়া ল’ৰাক কুকুৰৰ জাকে আক্ৰমণ কৰিছিল। এই আক্ৰমণত তেওঁৰ মৃত্যু হয় ৷