ৰাষ্ট্ৰপতি জো বাইডেনে দাবী কৰিছে যে আমেৰিকাই ৰাসায়নিক অস্ত্ৰৰ মজুত সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছে। তিনি দশক পুৰণি ৰাসায়নিক অস্ত্ৰ সন্ধিৰ অধীনত দিয়া প্ৰতিশ্ৰুতি অনুসৰি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। বাইডেনে কয়, “…মই ঘোষণা কৰি গৌৰৱান্বিত যে আমেৰিকাৰ শেষৰটো ৰাসায়নিক অস্ত্ৰৰ মজুত নিৰাপদে ধ্বংস হৈছে। ৰাসায়নিক অস্ত্ৰৰ ভয়াবহতাৰ পৰা বিশ্বক মুক্ত কৰাৰ এখোজ ওচৰ চাপি আহিছো। “
ৰাসায়নিক অস্ত্ৰ নিয়ন্ত্ৰণৰ চুক্তি আছিল ৰাসায়নিক অস্ত্ৰ সন্ধি। ৰাসায়নিক অস্ত্ৰ উৎপাদন, মজুত আৰু ব্যৱহাৰ নিষিদ্ধকৰণ আৰু মজুত অস্ত্ৰ ধ্বংস কৰাৰ কথা ইয়াত উল্লেখ কৰা হৈছে। ১৯৯৩ চনত এই চুক্তি স্বাক্ষৰিত হৈছিল। ১৯৯৭ চনৰ পৰা কাৰ্যকৰী কৰা হৈছে । ৰাসায়নিক অস্ত্ৰৰ ‘ঘোষিত মজুত’ ধ্বংস কৰিবলৈ এই সন্ধি স্বাক্ষৰ কৰা দেশসমূহৰ ভিতৰত আমেৰিকাই শেষৰখন দেশ আছিল।
ৰাসায়নিক অস্ত্ৰৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় নিৰীক্ষণ সংস্থা অ’পিচিডব্লিউৱে মে’ মাহত কৈছিল যে আমেৰিকাৰ বাহিৰে এই সন্ধিত স্বাক্ষৰ কৰা আন সকলো দেশেই তেওঁলোকৰ ৰাসায়নিক অস্ত্ৰৰ মজুত ধ্বংস কৰি পেলাইছে। যাৰ পৰিমাণ ৭০ হাজাৰ টনতকৈও অধিক। চুক্তি অনুসৰি আমেৰিকাক ৩০ ছেপ্টেম্বৰৰ ভিতৰত সকলো ৰাসায়নিক অস্ত্ৰ ধ্বংস কৰিবলৈ কোৱা হৈছে।
প্ৰথম বিশ্বযুদ্ধত জাৰ্মানীয়ে প্ৰথমে ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰ কৰিছিল। ইয়াৰ পিছত বিভিন্ন দেশে নিজৰ নিজৰ ধৰণেৰে সেই অস্ত্ৰটো প্ৰস্তুত কৰিছিল। ১৯৯০ চনত ৰাছিয়াৰ পিছত আমেৰিকাত ঘোষিত ৰাসায়নিক অস্ত্ৰৰ মজুত আছিল সৰ্বাধিক। ৰাছিয়াই দাবী কৰিছে যে ২০১৭ চনত তেওঁলোকে সকলো ৰাসায়নিক অস্ত্ৰ ধ্বংস কৰিছে। ১৯৯০ চনত আমেৰিকাত ৰাসায়নিক অস্ত্ৰৰ মজুত আছিল প্ৰায় ২৮,৬০০ টন, যিটো যোৱা এপ্ৰিল মাহত ৬০০ টনতকৈও কমলৈ হ্ৰাস পাইছিল।
কিন্তু এই সকলোবোৰৰ পিছতো বহুতে আশংকা কৰে যে কোনো এখন দেশে হয়তো গোপনে ৰাসায়নিক অস্ত্ৰ ৰাখিছে। বাইডেনে সকলো ৰাসায়নিক অস্ত্ৰ ধ্বংস হোৱাটো নিশ্চিত কৰিবলৈ নিৰন্তৰ নিৰীক্ষণৰ আহ্বান জনায়। সন্ধিত স্বাক্ষৰ নকৰা কেইখনমান দেশক মজুত থকা ৰাসায়নিক অস্ত্ৰ ধ্বংস কৰিবলৈ তেওঁ আহ্বান জনায়।