ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধত ৰাছিয়াই ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে আমেৰিকাই। তেওঁলোকৰ বৈদেশিক কাৰ্যালয়ে দাবী কৰিছে যে ৰাছিয়াৰ সেনাই যুদ্ধক্ষেত্ৰত ‘ক্ল’ৰ’পিক্ৰিন’ নামৰ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰিছে। ইয়াৰ ফলত বিৰোধী সৈন্যৰ শ্বাসৰুদ্ধ হ’ব পাৰে, আনকি মৃত্যুও হ’ব পাৰে। অৱশ্যে ক্ৰেমলিনে সকলো অভিযোগক “ভিত্তিহীন” বুলি খাৰিজ কৰে। ইউৰোপে আমেৰিকাৰ দাবীক সহজভাৱে লোৱা নাই। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে সতর্ক কৰি দিছে যে যদি ৰাছিয়াই শক্তি দেখুৱায় আৰু যদি ইউক্ৰেইনে বিচাৰে তেন্তে ফ্ৰান্সে নিজৰ স্থল বাহিনীক যুদ্ধক্ষেত্ৰত মকৰল কৰিব ৷
মস্কোত এখন সংবাদমেলত ক্ৰেমলিনৰ মুখপাত্ৰ দিমিট্ৰি পেস্কোভে কয় যে ৰাছিয়াই দীৰ্ঘদিন ধৰি ৰাসায়নিক অস্ত্ৰ সন্ধি (CWC) মানি চলি আহিছে। ১৯৩খন দেশে এই চুক্তিত স্বাক্ষৰ কৰে। অৰ্গেনাইজেচন ফৰ দ্য প্ৰহিবিচন অৱ কেমিকেল ৱেপনছ (OPCW)ৰ এটা নিৰ্দিষ্ট সংস্থা আছে যিয়ে সকলো দেশেই এই নিয়ম মানি চলিছে নে নাই পৰীক্ষা কৰে। আমেৰিকাই ‘ক্ল’ৰ’পিক্ৰিন’ নামেৰে নামাকৰণ কৰা ৰাসায়নিক পদাৰ্থটো প্ৰথম বিশ্বযুদ্ধত ব্যৱহাৰ কৰা হৈছিল। ই এক তেলীয়া পদাৰ্থ। ই শৰীৰত প্ৰৱেশ কৰি হাওঁফাওঁ, চকু, ছালত প্ৰদাহ আৰম্ভ কৰে। বমি আৰম্ভ হয়। লগতে ডায়েৰিয়া, মূৰ ঘূৰোৱাৰ দৰে সমস্যাৰ সৃষ্টি হয়।
অভিযোগ অনুসৰি ৰাছিয়াই এই ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰি ইউক্ৰেইনৰ বাহিনীক যুদ্ধক্ষেত্ৰত ছত্ৰভংগ দিয়াইছিল। চি ডব্লিউ চিৰ মতে যুদ্ধত ক্ল’ৰ’পিক্ৰিনৰ ব্যৱহাৰ নিষিদ্ধ। ইয়াক অ’পিচিডব্লিউৰ তালিকাত ‘চ’কিং এজেণ্ট’ হিচাপে তালিকাভুক্ত কৰা হৈছে। আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে দাবী কৰিছে যে মস্কোৱে নিয়মিতভাৱে এই এজেণ্টক যুদ্ধত ব্যৱহাৰ কৰি আহিছে। ইয়াৰ বাহিৰেও কন্দুৱা গেছ প্ৰয়োগ কৰা হয় ৷
আমেৰিকাই যুদ্ধৰ আৰম্ভণিৰে পৰাই ৰাছিয়াক ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰৰ বিষয়ে সকীয়াই দি আহিছে। যুদ্ধ আৰম্ভ হোৱাৰ লগে লগে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ২০২২ চনৰ মাৰ্চ মাহত কৈছিল, “ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰ কৰিলে ৰাছিয়াই ইয়াৰ মূল্য দিব লাগিব।” চলিত বৰ্ষৰ আৰম্ভণিতে সংবাদ সংস্থা ৰয়টাৰে তেওঁলোকৰ প্ৰতিবেদনত দাবী কৰিছিল যে ৰাছিয়াৰ বাহিনীয়ে চি এছ আৰু চি এন কন্দুৱা গেছৰ গ্ৰেনেড নিক্ষেপ কৰিছিল। বিষাক্ত গেছে কমেও ৫০০ ইউক্ৰেইনৰ সৈনিকক অসুস্থ কৰি তুলিছিল আৰু তেওঁলোকৰ মৃত্যুও হৈছিল। ৰাছিয়াত ৰাসায়নিক অস্ত্ৰৰ মজুত আছে বুলি উত্থাপন কৰা অভিযোগ নতুন নহয় ৷ ২০১৭ চনত অ’পিচিডব্লিউৱে প্ৰকাশ কৰিছিল যে ৰাছিয়াই শীতল যুদ্ধৰ আগৰ অস্ত্ৰৰ বৃহৎ মজুত ধ্বংস কৰিছিল।