কাশ্মীৰ উপত্যকাৰ বালতাল আৰু নুনৱান আধাৰ শিবিৰৰ পৰা ‘হৰ হৰ মহাদেৱ’ৰ শ্লোগানেৰে দক্ষিণ কাশ্মীৰ হিমালয়ত অৱস্থিত পবিত্ৰ গুহা অমৰনাথলৈ আজিৰ পৰা আৰম্ভ হৈছে ৪৩ দিনীয়া অমৰনাথ যাত্ৰা।যাত্ৰাৰ আৰম্ভণিতে উপায়ুক্ত পীয়ুষ সিংলাই অনন্তনাগ জিলাৰ পহেলগামৰ নুনৱান আধাৰ শিবিৰৰ পৰা ২,৭৫০ জন তীৰ্থযাত্ৰীৰ প্ৰথম দলটোক ফ্লেগ অফ কৰে।আনহাতে পহেলগাম হৈছে অমৰনাথ তীৰ্থযাত্ৰাৰ পৰম্পৰাগত এক পথ। এই পথৰ মাজেৰে যোৱা প্ৰথমটো দল কাইলৈৰ ভিতৰত পবিত্ৰ মন্দিৰত উপস্থিত হ’ব বুলি আশা কৰা হৈছে।
ইফালে তীৰ্থযাত্ৰীৰ আন এটা দল সোনমাৰ্গৰ আধাৰ শিবিৰ বালতালৰ পৰা পবিত্ৰ গুহালৈ ৰাওনা হৈছে। বালতালৰ পৰা যোৱা তীৰ্থযাত্ৰীসকলে আজি আবেলি অমৰনাথত উপস্থিত হ’ব । জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই আজি ৰাতিপুৱা অমৰনাথ ধামত প্ৰথম অনুষ্ঠান টো পালন কৰাৰ পিছত তীৰ্থযাত্ৰীসকলৰ বাবেও পবিত্ৰ অমৰনাথ ধামৰ দুৱাৰ মুকলি কৰা হ’ব।
মন্দিৰত প্ৰাকৃতিকভাৱে গঠিত বৰফৰ-লিংগ দৰ্শনৰ বাবে যোৱা ভক্তপ্ৰাণ ৰাইজৰ এই যাত্ৰা মসৃণ হোৱাৰ বাবে শ্ৰী অমৰনাথ শ্ৰাইন ব’ৰ্ডৰ (এছএএছবি) দ্বাৰা সকলো ব্যৱস্থা কৰা হৈছে বুলি বিষয়াসকলে কয়।প্ৰায় তিনি দিনৰ এই যাত্ৰাত বেছিভাগ ভক্তই খোজকাঢ়ি যায় আৰু পথটোৰ শীশনাগ আৰু পঞ্চতাৰ্নীত নিশা জিৰণি লয় । প্ৰায় তিনি বছৰৰ ব্যৱধানৰ পিছত উৎসাহেৰে আৰম্ভ হৈছে এই যাত্ৰা ।
এই বছৰ এই যাত্ৰাত তীৰ্থযাত্ৰীসকলৰ স্বাভাৱিক উপস্থিতিতকৈ উপস্থিতি অধিক হ’ব বুলি আশা কৰা হৈছে কিয়নো তিনি বছৰৰ ব্যৱধানৰ পিছত যাত্ৰা পুনৰ আৰম্ভ হৈছে। ২০১৯ চনত, অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ কেইদিনমান আগতে যাত্ৰা হ্ৰাস কৰা হৈছিল। ক’ভিড.-১৯ মহামাৰীৰ বাবে ২০২০ আৰু ২০২১ চনত তীৰ্থযাত্ৰা অনুষ্ঠিত হোৱা নাছিল।