প্ৰতিকূল বতৰ আৰু উগ্ৰপন্থীৰ আক্ৰমণৰ আশংকাৰ মাজেৰে এইবাৰৰ অমৰনাথ তীৰ্থযাত্ৰাৰ আৰম্ভণি হৈছিল । শনিবাৰে কাশ্মীৰ উপত্যকাৰ পাহেলগাঁওত উপস্থিত হয় অমৰনাথৰ প্ৰথমটো তীৰ্থযাত্ৰীৰ দল ৷ শুকুৰবাৰে জম্মুৰ ভাগৱতী নগৰ বেছ কেম্পত ৪,৬০৩ জনীয়া তীৰ্থযাত্ৰীক আদৰণি জনায় জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিঙে। ইয়াৰ পিছতে দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ কাজিগুণ্ড অঞ্চলৰ নবযুগ সুৰংগ পাৰ হৈ যায় যাত্ৰীসকলে। ৰাজধানী শ্ৰীনগৰ পাৰ হৈ প্ৰথমটো দল পাহেলগাঁৱত উপস্থিত হয় ৷
প্ৰসংগক্ৰমে এইবাৰ ৫২ দিনীয়া অমৰনাথ দৰ্শন পর্ব দুটা পথত চলিব। অনন্তনাগৰ ৪৮ কিলোমিটাৰ নুনৱান-পাহেলগাঁও আৰু গণ্ডাৰৱালৰ ১৪ কিলোমিটাৰ দীঘল পুৰণি বাল্টাল পথেৰে। ১৯ আগষ্টলৈকে চলিব অমৰনাথ তীৰ্থযাত্ৰা। কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ প্ৰশাসন আৰু ‘অমৰনাথ তীৰ্থযাত্ৰা ব’ৰ্ড’ৰ সূত্ৰই জনোৱা মতে, দুয়োটা যাত্ৰাতে তিনি স্তৰৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
উপ-ৰাজ্যপাল মনোজ সিঙে কয় যে প্ৰশাসনে তীৰ্থযাত্ৰীসকলৰ আৰাম আৰু সুৰক্ষাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। বিগত উগ্ৰপন্থী আক্ৰমণৰ ঘটনাৰ পাছত এইবাৰ জম্মু-কাশ্মীৰ আৰক্ষী, কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী আৰু সেনাই অমৰনাথ যাত্ৰাত অভূতপূৰ্ব নিৰাপত্তাৰ ব্যৱস্থা কৰিছে। পথটোৰ বিভিন্ন স্থানত ড্ৰ’ন আৰু বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত অপাৰেটিভ ব্যৱহাৰ কৰা হৈছে।