টুইটাৰ- ফেচবুকৰ পাছত এইবাৰ চাকৰি হেৰুৱাব আমাজনৰ একাংশ কর্মচাৰীয়ে ৷ ব্যয় হ্ৰাস কৰাৰ বাবে আমাজনে আৰম্ভ কৰিব কর্মচাৰীৰ চাটাই অভিযান ৷ আমেৰিকাৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি আমাজনে এই সপ্তাহতে সমগ্ৰ কোম্পানীটোত চাকৰি কৰ্তনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব।
বুধবাৰে প্ৰতিষ্ঠানটোৰ হাৰ্ডৱেৰৰ মুৰব্বী ডেভ লিম্পে শ্ৰমিকসকলক দিয়া এখন স্মাৰকপত্ৰত এনেদৰে কয়- “গভীৰ পৰ্যালোচনাৰ অন্তত আমি শেহতীয়াকৈ কিছুমান গোট আৰু কাৰ্যসূচী একত্ৰিত কৰাৰ সিদ্ধান্ত লৈছো। এই সিদ্ধান্তসমূহৰ পৰিণতিত কিছু লোকৰ ভূমিকাৰ আৰু প্ৰয়োজন নহ’ব।”
তেওঁ লগতে কয় যে এই খবৰটো দিবলগীয়া হোৱাটো তেওঁৰ বাবে বেদনাদায়ক কাৰণ ইয়াৰ ফলত প্ৰতিভাৱান কর্মচাৰী আমাজনে হেৰুৱাব ৷ লিম্পে কয় যে কোম্পানীয়ে নতুন সিদ্ধান্তৰ ফলত প্ৰভাৱিত কৰ্মচাৰীসকলক নতুন কর্মসংস্থাপন বিচাৰি উলিওৱাত সহায় কৰাকে ধৰি সকলো সহায় আগবঢ়াবলৈ প্ৰতিজন ব্যক্তিৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি যাব।
নিউয়ৰ্ক টাইমছে এই সপ্তাহত প্ৰকাশ কৰা অনুসৰি আমাজনে কৰ্পৰেট আৰু প্ৰযুক্তিৰ দায়িত্বত থকা প্ৰায় ১০ হাজাৰ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পৰিকল্পনা কৰিছে। বর্তমানলৈকে কৰা চাকৰি কর্তনৰ ক্ষেত্ৰত এয়া হ’ব কোম্পানীটোৰ ইতিহাসত সৰ্বাধিক ৷ এই সংখ্যাই ইয়াৰ কৰ্পৰেট কৰ্মশক্তিৰ প্ৰায় ৩ শতাংশ হ্ৰাস কৰিব ৷
আমাজনৰ মুখপাত্ৰ কেলি নাণ্টেলে কয় যে বাৰ্ষিক পৰিচালনা পৰিকল্পনা পৰ্যালোচনা প্ৰক্ৰিয়াৰ অংশ হিচাপে কিছুমান বিশেষ চাকৰি প্ৰয়োজনীয় নহয়। এই কৰ্তনে মূলতঃ ইয়াৰ ডিভাইচ সংস্থা, খুচুৰা বিক্ৰী বিভাগ আৰু মানৱ সম্পদত প্ৰভাৱ পেলাব। চিএনবিচিয়ে প্ৰকাশ কৰা অনুসৰি, ইতিমধ্যে ২ মাহ সময় দি নতুন কর্মসংস্থাপন বিচাৰিবলৈ নির্দেশ দিয়া হৈছে ৷