আমাজনৰ ঘন দুর্গম বনাঞ্চলৰ মাজত অকলশৰীয়াকৈ বাস কৰা একমাত্ৰ জনজাতীয় লোকজনৰ মৃত্যু ঘটিছে ৷ দেশখনৰ সংশ্লিষ্ট কতৃপক্ষই এই কথা সদৰী কৰিছে ৷ প্ৰায় ২৬ বছৰ ধৰি সম্পূৰ্ণ অকলশৰীয়াকৈ বাস কৰি আহিছিল জনজাতীয় লোকজনে ৷ “বিশ্বৰ আটাইতকৈ অকলশৰীয়া মানুহ” বুলি এই জনজাতীয় লোকজনক অভিহিত কৰা হৈছিল ৷ আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি ৰহস্যময়ী লোকজন ব্ৰাজিলৰ এটা অসংস্পৰ্শ খিলঞ্জীয়া গোটৰ শেষজন সদস্য। এইজন জনজাতীয় লোকে বাস কৰা ধৰণো আছিল ব্যতিক্ৰম ৷ তেওঁ অধিক সময় গাতঁত বাস কৰিছিল ৷ যাৰ বাবে তেওঁক গাতঁৰ মানুহ বুলি কোৱা হৈছিল ৷
লোকজনৰ কার্যকলাপ দীর্ঘদিন ধৰি নিৰীক্ষণ কৰা ব্ৰাজিলৰ খিলঞ্জীয়া পৰিক্ৰমা সংস্থাই (ফুনাই) জনোৱা মতে, ২৩ আগষ্টত লোকজনৰ মৃতদেহটো তেওঁৰ খেৰৰ জুপুৰিৰ বাহিৰৰ এটা উদ্ধাৰ কৰা হৈছিল। লগতে তেওঁলোকে প্ৰকাশ কৰা অনুসৰি জনজাতীয় লোকজনে শৰীৰৰ চাৰিওফালে উজ্জ্বল ৰঙৰ লগাইছিল ৷ অর্থাৎ তেওঁ মৃত্যুৰ বাবে প্ৰস্তুতি চলাইছিল বুলি ধাৰণা কৰা হৈছে।
মৃত লোকজনৰ বয়স আছিল প্ৰায় ৬০ বছৰ। বিবিচিৰ বাতৰি অনুসৰি বলিভিয়াৰ সীমান্তৱৰ্তী ৰণ্ডোনিয়া ৰাজ্যৰ টানাৰু খিলঞ্জীয়া অঞ্চলত বাস কৰা এটা খিলঞ্জীয়া গোটৰ তেওঁ শেষৰ জন সদস্য ৷ ব্ৰাজিলৰ সংযুক্ত আৰক্ষীয়ে জনজাতীয় লোকজনৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰি এই তথ্যৰ ওপৰত প্ৰতিবেদন প্ৰস্তুত কৰিব।
বিষয়াসকলৰ মতে লোকজন তানাৰু ভূখণ্ডৰ একমাত্ৰ বাসিন্দা আছিল ৷ এই অঞ্চলটো ব্ৰাজিলৰ অন্যতম হিংসাত্মক অঞ্চল হিচাপে গণ্য কৰা হয়। অলাভজনক সংস্থা ছাৰভাইভেল ইণ্টাৰনেশ্যনেলৰ মতে, ১৯৭০ চনৰ পৰা একাংশ পশুপালকসকলে কৰা ধাৰাবাহিক আক্ৰমণত জনগোষ্ঠীটোৰ বাকী লোকসকলক হত্যা কৰা হৈছিল ৷ “দ্য মেন অৱ দ্য হোল” হিচাপে খ্যাত লোকজনৰ চিত্ৰগ্ৰহণ শেষবাৰৰ বাবে ২০১৮ চনত এটা চৰকাৰী দলে কৰিছিল ৷ কুঠাৰৰ দৰে চোকা সঁজুলি এটা ব্যৱহাৰ কৰি গছ কাটি থকাৰ সময়ত তেওঁৰ ভিডিঅ’ কৰা হৈছিল ৷