বিবাহ বুলিলেই মনলৈ আহে বিভিন্ন মাংগলিক কার্যসুচীৰ কথা ৷ কইনা নোওৱাৰ পৰা দৰাৰ আগমনলৈকে সকলো মাংগলিক কার্যসুচীয়েই সম্পন্ন হয় পৰম্পৰাগত নীতি নিয়মেৰে ৷ সচৰাচৰ নিয়ম অনুসৰি বৰযাত্ৰী বিবাহ অনুষ্ঠানৰ বাবে আহে কইনাৰ ঘৰলৈ ৷ ইয়াৰ পাছত কইনাৰ চোতালত সম্পন্ন হয় বিবাহ ৷ কিন্তু এই পৰম্পৰা ভংগ কৰি দেশজুৰি চর্চালৈ আহিছে হাৰিয়ানাৰ আম্বালাৰ এগৰাকী যুৱতী ৷ আম্বালাৰ বলদেৱ নগৰৰ বাসিন্দা প্ৰিয়া নামৰ যুৱতী গৰাকীয়ে ঘোঁৰাত উঠি বিবাহৰ বাবে উপস্থিত হ’ল দৰাৰ ঘৰত ৷ পেছাত এগৰাকী অধিবক্তা প্ৰিয়াই কইনাৰ সাজেৰে পৰম্পৰাগত তৰোৱাল হাতত লৈ ঘোঁৰাত উঠি উপস্থিত হয় দৰাৰ ঘৰত ৷ লিংগ সমতা প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সমাজলৈ এক বার্তা প্ৰেৰণৰ বাবে তেওঁ এনেদৰে পৰম্পৰা ভংগ কৰি দৰাৰ ঘৰলৈ আহে বুলি সদৰী কৰিছে ৷ এই প্ৰসংগতে তেওঁ কয় –‘ঘোঁৰাত উঠি এনেদৰে দৰাৰ ঘৰলৈ আহি মই অত্যন্ত আনন্দিত ৷ এই ক্ষণ কেতিয়াও এগৰাকী ছোৱালীৰ জীৱনলৈ নাহে ৷ কাৰণ পৰম্পৰাগত নিয়ম অনুসৰি সদায় ল’ৰাহে ঘোঁৰাত উঠি কইনাৰ ঘৰলৈ আহে ৷ বহু পৰিয়ালত ল’ৰা সন্তানক অধিক গুৰুত্ব প্ৰদান কৰা হয় ৷ কিন্তু মোৰ পিতৃয়ে মোক আৰু ভাইটিক সমান গুৰুত্ব প্ৰদানেৰে ডাঙৰ-দীঘল কৰিছে ৷ “ আত্মীয়-স্বজনৰ আপত্তি সত্বেও তেওঁক আইন পঢ়িবলৈ পিতৃয়ে অনুমতি প্ৰদান কৰিছিল বুলিও প্ৰিয়াই উল্লেখ কৰিছে ৷