আজিৰে পৰা কামাখ্যা ধামত আৰম্ভ হৈছে অম্বুবাচী মেলা ৷আজি সন্ধিয়া ৭.৪৬বজাত অম্বুবাচী প্ৰবৃত্তিৰ লগে লগে বন্ধ হ’ব কামাখ্যা মন্দিৰৰ দ্বাৰ৷ ইতিমধ্যে দেশ বিদেশৰ পৰা অহা সাধু সৈন্যাসীৰে ভৰি পৰিছে নিলাচল পাহাৰৰ বুকু ৷ দুটা বছৰৰ পিছত কামাখ্যা ধামত উলহ মালহেৰে উদযাপিত হৈছে অম্বুবাচী মেলা ৷ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত উদুলি মুদুলি কামাখ্যা ধামৰ প্ৰাংগণ ৷
উল্লেখযোগ্য যে মন্দিৰ কৰ্তৃপক্ষ আৰু আৰক্ষী প্ৰশাসনৰ কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত উদযাপিত হ’ব অম্বুবাচী মেলা ৷ ইতিমধ্যে ৰাইজৰ নিৰাপত্তাৰ বাবে ৮০০ৰো অধিক চি চি টিভি কেমেৰা স্থাপনৰ ব্যৱস্থা কৰা হৈছে ৷ জানিব পৰা মতে এইবাৰ কামাখ্যা ধামলৈ সকলো খোজকাঢ়ি যাব লাগিব ৷আনহাতে আনবাৰৰ দৰে জাকজমকতাৰে অম্বুবাচী উদযাপন কৰাৰ পৰিৱৰ্তে এইবাৰ অধিক স্বচ্ছতা ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে মন্দিৰ কৰ্তৃপক্ষ ও আৰক্ষী প্ৰশাসনে ৷