শেহতীয়াকৈ কৰ’ণাৰ প্ৰকোপ কম হোৱাৰ বাবে মহা অম্বুবাচী মেলা কোভিড সংক্ৰান্তীয় বাধ্যবাধকতাৰ মাজেৰেই পালন কৰাৰ সিদ্ধান্ত লৈছে মন্দিৰ কৰ্তৃপক্ষই ।
অম্বুবাচীক লৈ এতিয়া উখল-মাখল কামাখ্যা ধাম ৷ অহা ২২ জুনৰ পৰা ২৬ জুনলৈ নীলাচল পাহাৰৰ বুকুত অনুষ্ঠিত হ’ব মহা অম্বুবাচী মেলা। । ২২ জুনৰ সন্ধিয়া ৮ বাজি ১৮ মিনিটৰ প্ৰবৃত্তিৰ পিছতেই বন্ধ হ’ব কামাখ্যা মন্দিৰৰ দুৱাৰ। ২৩, ২৪ আৰু ২৫ জুনলৈকে বন্ধ থাকিব মন্দিৰৰ দুৱাৰ। ২৬ জুনৰ পুৱাহে ভক্তৰ বাবে খোল খাব মন্দিৰৰ দুৱাৰ।
উল্লেখ্য যে, কৰ’ণা মহামাৰীৰ বাবে বিগত দুটা বছৰে অনুষ্ঠিত হোৱা নাছিল অম্বুবাচী মহোৎসৱ। এই সময়ছোৱাত কেৱল মন্দিৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা অম্বুবাচীৰ ধৰ্মীয় পূজা-পাতলসমূহ অনুষ্ঠিত হৈছিল।এই সংক্ৰান্তত ১৮ জুনত মন্দিৰ কৰ্তৃপক্ষই ৰাজ্যৰ মুখ্য সচিবৰ সৈতে এক বৈঠকত মিলিত হয়। ইয়াৰোপৰি ১৯ জুনত জিলা উপায়ুক্তৰ সৈতেও আন এক বৈঠকত মিলিত হয়।
বৈঠককেইখনত অম্বুবাচীত যাতে কোৰোণা সংক্ৰমণ নহয় তাৰ বাবে চৰকাৰ তথা জিলা প্ৰশাসনক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰো আহ্বান জনাইছে কৰ্তৃপক্ষই।