দিল্লীৰ আৱকাৰী নীতি ৰূপায়নত হোৱা অনিয়মৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা আঠ আদমী পার্টী চমুকৈ আপ নেতা তথা মন্ত্ৰী সত্যেন্দৰ জৈনক গ্ৰেপ্তাৰ কৰা হৈছে ৷ বর্তমান তিহাৰ কাৰাগাৰত বন্দী হৈছে আপ নেতাজন ৷ কিন্তু তিহাৰ কাৰাগাৰৰ ভিতৰত মন্ত্ৰীজনে বিশেষ সা-সুবিধা লাভ কৰি থকা বুলি অভিযোগ উত্থাপন হৈ আছে ৷ ইয়াক লৈ তীব্ৰ বিতর্ক অব্যাহত থকাৰ সময়তে কাৰাগাৰৰ সঞ্চালক প্ৰধান সন্দীপ গোৱেলক বদলি কৰা হৈছে ৷
শুকুৰবাৰে লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাৰ নিৰ্দেশত কাৰাগাৰৰ সঞ্চালক প্ৰধান সন্দীপ গোৱেলক বদলি কৰা হয়। তেওঁৰ ঠাইত ১৯৮৯ চনৰ বেটচৰ আই পি এছ বিষয়া সঞ্জয় বেনিৱালক এই পদত নিযুক্তি দিয়া হ’ব ৷ ইডিৰ গোচৰত জৈনিক গ্ৰেপ্তাৰ কৰা হৈছে ৷