টি -২০ বিশ্বকাপত শোচনীয় প্ৰদর্শনৰ পাছতে নতুন প্ৰশিক্ষক নিযুক্তি, অধিনায়কৰ সালসলনি আদিৰে ভাৰতীয় ক্ৰিকেট টীমক নতুন গতি দিবলৈ চেষ্টা কৰিছে বি চি চি আইয়ে ৷ ইয়াৰ মাজতে দুই ক্ৰিকেট তাৰকা বিৰাট কোহলি আৰু ৰোহিত শর্মাৰ মাজত মনোমালিন্য ঘটাৰ বাতৰিয়ে চর্চা লাভ কৰিছে ৷ দুয়োগৰাকী ক্ৰিকেট তাৰকাৰ শেহতীয়া আচৰণে তেওলোকৰ মাজত চলি অহা মতবিৰোধ স্পষ্ট কৰি তুলিছে ৷
প্ৰাক্তন ক্ৰিকেটাৰ আজাহাৰুদ্দিনে এক টুইটত ৰোহিত আৰু বিৰাট সন্দর্ভত কয় “বিৰাট কোহলিয়ে কৈছে যে তেওঁ এদিনীয়া ছিৰিজ নেখেলে ৷ আনহাতে ৰোহিত শর্মাই কৈছে যে আগন্তুক টেষ্ট মেচ তেওঁ নেখেলে ৷ জিৰণি লোৱাত কোনো ক্ষতি নহয় কিন্তু সময় উচিত হোৱা প্ৰয়োজনীয় ৷ দুয়োৰে মাজত চলি অহা মনোমালিন্য এই কথাই স্পষ্ট কৰিছে ৷”
ইপিনে, বিৰাট আৰু ৰোহিতৰ মাজৰ মতানৈক্য সন্দভর্ত সংবাদমাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে কয় যে ক্ৰীড়াই হৈছে শ্ৰেষ্ঠ আৰু কোনো ক্ৰীড়াতকৈ ডাঙৰ হ’ব নোৱাৰে ৷