আগন্তুক সাধাৰণ নির্বাচনক লৈ তৎপৰ হৈ পৰিছে বিজেপি ৷ ইয়াৰ অংশ হিচাপে আজি বিহাৰত ৰণশিঙা বজালে বিজেপিয়ে ৷ ৰাজ্যখনত শাসনাধিষ্ঠিত নীতিশ কুমাৰৰ নেতৃত্বাধীন জেডিইউৰ সৈতে বিচ্চেদ হোৱাৰ পাছত বিহাৰত বিজেপিৰ এইখন প্ৰথম ৰেলী ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই ৰেলীত অংশগ্ৰহণ কৰি আজি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক তীব্ৰ সমালোচনা কৰি ৰাজনৈতিক পক্ষ সলনি কৰি কুমাৰ প্ৰধানমন্ত্ৰী হ’ব পাৰিব নেকি বুলি প্ৰশ্ন কৰে। তেওঁ লগতে লালু প্ৰসাদ যাদৱক সতৰ্ক কৰি কয় যে নীতিশ কুমাৰে হয়তো এদিন আৰজেডি নেতাজনক এৰি কংগ্ৰেছৰ সৈতে হাত মিলাব ৷
পূৰ্ণিয়াত অনুষ্ঠিত এক অনুষ্ঠানত ভাষণ দি অমিত শ্বাহে এইদৰে কয় -‘ৰাজনৈতিক মিত্ৰতা সলনি কৰি নীতিশ কুমাৰ প্ৰধানমন্ত্ৰী হ’ব পাৰিবনে? ৰাজনীতিত প্ৰৱেশ কৰাৰ পাছৰে পৰা তেওঁ বহুতকে প্ৰতাৰণা কৰিছে। লালু ডাঙৰীয়া, সাৱধান হওক কাইলৈ নীতিশ বাবুৱে আপোনাক এৰি কংগ্ৰেছৰ কোলাত বহিব পাৰে।’ ‘জন ভৱন মহাসভা’ক সম্বোধন কৰি শ্বাহে কয় যে ২০২৫ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে ক্ষমতালৈ আহিব।
শ্বাহে কয় -“২০১৪ চনত আপোনাৰ (নীতিশ কুমাৰ) মাত্ৰ ২ খন লোকসভাৰ আসন আছিল ৷ ২০২৪ চনৰ লোকসভা নিৰ্বাচন আহক, বিহাৰৰ জনসাধাৰণে মচি পেলাব লালু-নীতিশৰ যুটি। আমি, সম্পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে, ২০২৫ চনৰ নিৰ্বাচনত ইয়াত ক্ষমতালৈ আহিম। বিহাৰ জনসাধাৰণে আপোনাক (নীতিশ কুমাৰক) বহুদিনলৈ সুবিধা দিছিল, এতিয়া তেওঁলোকে জানে যে এইবাৰ লালুৰ দল বা আপোনাৰ দল নাহে। বিহাৰত এইবাৰ কেৱল প্ৰধানমন্ত্ৰী মোদীৰ পদুমহে ফুলিব।’
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ‘জংঘল-ৰাজ’ বিহাৰত এতিয়াও অব্যাহত আছে বুলি সদৰী কৰি তেওঁ কয় -‘মই নীতিশ কুমাৰ আৰু নতুন মন্ত্ৰী লালন সিঙক সুধিব বিচাৰিছো, পশুখাদ্য কেলেংকাৰীত লিপ্ত হোৱা লোক আপোনালোকৰ কেবিনেটত মন্ত্ৰী হ’ল, তেওঁলোকক কেনেকৈ গ্ৰেপ্তাৰ কৰিব? আৰু তাৰ পিছত তেওঁ (মুখ্যমন্ত্ৰী) লালুৰ হেঁচাত চিবিআই নিষিদ্ধ কৰাৰ কথা ভাবিবলৈ চেষ্টা কৰিছে৷ “ দুদিনীয়া ভ্ৰমণৰ সময়ছোৱাত দলীয় আৰু প্ৰশাসনিক বিষয়াসকলৰ সৈতে তেওঁ কেইবাখনো বৈঠকত মিলিত হ’ব ৷