বলিউদৰ ছুপাৰষ্টাৰ অমিতাভ বচ্চনে বিক্ৰী কৰিলে মাতৃৰ নামত থকা বাসগৃহ ৷ দক্ষিণ দিল্লীৰ গুলমোহৰ পাৰ্কত থকা তেওঁৰ পৈতিৃক সম্প্ত্তি প্ৰায় ২৩ কোটি টকাত বিক্ৰী কৰিছে ৷ ছুপাৰষ্টাৰ গৰাকীৰ মাতৃ তেজী বচ্চন আৰু পিতৃ হৰিবংশ ৰায় বচ্চন সোপান নামৰ এই বাংলোটোত বাস কৰিছিল।এই পুৰণি বাংলোটো ক্ৰয় কৰিছে নেজ’ন কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া অৱনী বদৰে ৷ দীর্ঘদিন ধৰি বদৰ উক্ত অঞ্চলটোত বাস কৰি আহিছে ৷ অমিতাভ বচ্চনৰ পৰিয়ালৰ সৈতেও আছে তেওঁৰ সু-সম্পর্ক ৷ অৱশ্যে পুৰণি বাংলোটো সম্পূর্ণৰূপে ভাঙি পেলোৱা হ’ব বুলি সদৰী কৰিছে বিষয়াজনে ৷ পুৰণি বাংলোটোৰ পৰিৱর্তে তেওঁৰ প্ৰয়োজন অনুসাৰে তাত নতুন ভৱন নির্মান কৰা হ’ব বুলি সদৰী কৰিছে বদৰে ৷ ৪১৮.০৫ বৰ্গ মিটাৰ এই সম্পত্তিৰ বাবে পঞ্জীয়ন ডিচেম্বৰত সম্পূৰ্ণ হৈছে বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে পৈতিৃক ঘৰ ‘সোপান’ৰ বিষয়ে বচ্চনে তেওঁৰ ব্লগত একাধিকবাৰ উল্লেখ কৰিছিল ৷ অমিতাভ বচ্চন মুম্বাইত বাস কৰে যদিও গুলমোহৰ পার্কৰ পুৰণি ঘৰটো তেওঁৰ অনুৰাগীসকলৰ বাবে এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে বিবেচিত হৈ আহিছে ৷ স্থানীয় লোকসকলৰ মতে পৰিয়ালটোৱে ১৯৮০ চনলৈকে এই ঘৰটোত কবিতা সন্মিলনৰ আয়োজন কৰিছিল ৷ লক্ষণীয় যে অমিতাভ বচ্চনে অলপতে মুম্বাইৰ আন্ধেৰীৰ আটলান্টিছ নামৰ এটা নিৰ্মাণাধীন প্ৰকল্পত ৫,১৮৪ বৰ্গফুটৰ এটা ডুপ্লেক্স এপাৰ্টমেণ্ট ৩১ কোটি টকাত ক্ৰয় কৰিছিল।