ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সিদ্ধান্ত অনুসৰি দেশৰ মুঠ ৫২ টা মনোনয়নৰ ভিতৰত এইবাৰ অসমৰ চৰাইদেউ মৈদামক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মনোনয়নৰ বাবে দেশৰ মনোনয়ন হিচাপে প্ৰেৰণ কৰা হ’ব।
জি.প্লাছত প্ৰকাশ পোৱা এক প্ৰতিবেদন অনুসৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত এই কথা অৱগত কৰে যে দেশে ইয়াৰ বাবে মাত্ৰ এটা মনোনয়নহে প্ৰেৰণ কৰিব পাৰে ৷ সেয়েহে এইবাৰ ইউনেস্কোৰ বিশ্ব ঐতিহ্য কেন্দ্ৰৰ মনোনয়নৰ বাবে চৰাইদেউ মৈদামক একমাত্ৰ মনোনয়ন হিচাপে প্ৰেৰণ কৰা হৈছে।যি অসমৰ বাবে এক সুখবৰ ৷
সমগ্ৰ ভাৰতৰ ৫২ টা স্থান মনোনয়নৰ তালিকাত আছিল যদিও ঐতিহ্য টেগৰ বাবে মনোনীত হ’বলৈ চৰাইদেউ মৈদামক এইবাৰ কেন্দ্ৰই নিৰ্বাচন কৰিছে।
১২২৮ চনত আহোম ৰজা চাও লুং ছুকাফাই প্ৰতিষ্ঠা কৰা চৰাইদেউ আছিল আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী। যি আহোমসকলৰ পূৰ্বপুৰুষ তথা ৰজা-ৰাণীসকলৰ সমাধিস্থল। ‘অসমৰ পিৰামিড’ নামেৰেও পৰিচিত চৰাইদেউৰ এই মৈদামসমূহ ৷ এই ঠাইখনক ইজিপ্তৰ পিৰামিডৰ সৈতে তুলনা কৰা হয়, যি মধ্যযুগীয় সভ্যতাৰ এক উদাহৰণ বুলিও প্ৰমাণ কৰে ।
এই ঐতিহাসিক ঠাইত ১৫০ৰো অধিক মৈদাম আছে যদিও ইয়াৰে মাত্ৰ ৩০ খনহে অসম ৰাজ্যিক প্ৰত্নতাত্ত্বিক বিভাগৰ লগতে ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপ বিভাগে সুৰক্ষিত কৰি ৰাখিছে।