শনিবাৰে কলিয়াবৰ মিছাত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। এখন যাত্রীবাহী বাছৰ খুন্দাত কণমানি শিশু এটিৰ মৃত্যু হয় । মৃত শিশুটি বিনীতা কৈৰী বুলি জানিব পৰা গৈছে ৷ গুৱাহাটীৰ পৰা শিৱসাগৰ অভিমুখী অনুৰাগ নামৰ বাছখনে খুন্দিয়াইছিল শিশুটিক ৷
আইতাকৰ লগত ঘৰৰ পৰা ওলাই আহিছিল শিশুটি ৷ হঠাতে আইতাকৰ হাতৰ পৰা এৰি পথলৈ দৌৰি গৈছিল শিশুটি। তেতিয়াই বাছখনে শিশুটিক খুন্দা মাৰে ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে ৷ জব্দ কৰা হৈছে বাছখন ৷ এই ঘটনাই সমগ্ৰ অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।