প্ৰায় ৩৪০০ বছৰ পুৰণি বুলি অনুমান কৰা ইৰাকৰ এখন প্ৰাচীন চহৰ দেশখনৰ কুৰ্দিস্তান অঞ্চলr কেমুনেত উদ্ধাৰ কৰা হৈছে। ইৰাকৰ সৰ্ববৃহৎ জলাশয়টোৰ জলস্তৰ ব্যাপক পৰিমানে হ্ৰাস পোৱাৰ পাছত চহৰখনৰ অৱশিষ্ট উদ্ধাৰ কৰা হয় ৷ব্ৰঞ্জ যুগৰ বুলি ভবা এই বসতিস্থলটো টাইগ্ৰিছ নদীৰ এটা নিৰ্দিষ্ট অঞ্চল শুকাই যোৱাৰ পিছত উদ্ধাৰ হৈছিল ৷ নদীখনত পুনৰ জলস্তৰ বৃদ্ধি পোৱাৰ পূর্বে অঞ্চলটোত খনন কৰা হৈছিল ৷ জাৰ্মান আৰু কুৰ্দি পুৰাতত্ত্ববিদৰ দলটোৱে উল্লেখ কৰিছে যে এই প্ৰাচীন চহৰখন সম্ভৱতঃ মিট্টানী সাম্ৰাজ্যৰ ৰাজত্বকালত খ্ৰীষ্টপূৰ্ব ১৫৫০ চনৰ পৰা খ্ৰীষ্টপূৰ্ব ১৩৫০ চনলৈকে অন্যতম মূল চহৰ আছিল।
জাৰ্মানীৰ ফ্ৰেইবাৰ্গ বিশ্ববিদ্যালয়ৰ প্ৰত্নতাত্ত্বিক দলটোৱে কয় যে “যিহেতু চহৰখন পোনপটীয়াকৈ টাইগ্ৰিছ নদীৰ মাজভাগত অৱস্থিত আছিল, সেয়েহে ই হয়তো মিটানি সাম্ৰাজ্যৰ মূল অঞ্চলটোক সংযোগ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ যিটো বৰ্তমানৰ উত্তৰ-পূব চিৰিয়াত অৱস্থিত ৷”
জলাশয়টোৰ পানী বৃদ্ধি পোৱাৰ বাবে অৱশ্যে নির্দিষ্ট সময়ৰ ভিতৰত খনন কৰা হৈছিল। বিশ্ববিদ্যালয়খনে তেওঁলোকৰ প্ৰেছ বিজ্ঞপ্তিত কয় যে, “বৃদ্ধি পোৱা নদীৰ পানীয়ে গুৰুত্বপূৰ্ণ স্থানডোখৰৰ যাতে অধিক ক্ষতি কৰিব নোৱাৰে তাৰ বাবে সম্পূৰ্ণৰূপে প্লাষ্টিকৰ শ্বীটৰে আবৃত কৰা হৈছে ৷ “