ছিৰিয়া-তুৰস্কৰ পাছত আফগানিস্তান জোঁকাৰি গ’ল এক শক্তিশালী ভূমিকম্পই ৷ বৃহস্পতিবাৰে পুৱা চীন সীমান্তৰ সমীপৱৰ্তী আফগানিস্তান আৰু তাজিকিস্তানত ভূমিকম্পৰ জোকৰণি অনুভুত হয়। উত্তৰ-পূব আফগানিস্তানৰ ফৈজাবাদ চহৰৰ পৰা ২৬৫ কিলোমিটাৰ দূৰত্বত ভূমিকম্পৰ উৎস। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য ৬.৮। স্থানীয় সূত্ৰ অনুসৰি বৃহস্পতিবাৰে পুৱা ৬:০৭ বজাত আফগানিস্তান আৰু তাজিকিস্তানত ভূমিকম্পৰ জোকৰণি অনুভূত হয় ৷ এই পৰ্যন্ত কোনো লোক হতাহতিৰ খবৰ পোৱা নাই।
প্ৰথমটো কঁপনিৰ ২০ মিনিটৰ পিছত পুনৰ আফটাৰশ্বকে অঞ্চলটো জোকাৰি যায়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫। দ্বিতীয়টো কঁপনিৰ কিছু সময়ৰ পিছতে পুনৰ আফটাৰশ্বক অনুভৱ কৰা হয়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.৬। শেহতীয়াকৈ তুৰস্ক আৰু ছিৰিয়াত ভয়ংকৰ ভূমিকম্প সংঘটিত হৈছে। যাৰ ফলত প্ৰায় ৪১ হাজাৰ লোকৰ মৃত্যু হয়। এতিয়াও চলি আছে উদ্ধাৰৰ কাম।