তুৰস্ক আৰু ছিৰিয়াৰ পাছত কেইবাখনো দেশত অনুভূত হৈছে শক্তিশালী ভূমিকম্প ৷এইবাৰ এক শক্তিশালী ভূমিকম্পই কপাঁই গ’ল ইণ্ডোনেছিয়া ৷শুকুৰবাৰে পুৱা দেশৰ উত্তৰ দিশৰ হালমহেৰাত এই কঁপনি অনুভূত হয়। ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি ভূমিকম্পৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৬.২। ইয়াৰ কেন্দ্ৰ আছিল ভূপৃষ্ঠৰ পৰা ৯৯ কিলোমিটাৰ তলত।
এন চি এছে টুইটাৰযোগে প্ৰকাশ কৰা অনুসৰি শুকুৰবাৰে স্থানীয় সময় অনুসৰি নিশা ১:৩২ বজাত এই কঁপনি অনুভৱ কৰা হয়। ইণ্ডোনেছিয়াৰ উত্তৰ দিশৰ হালমাহেৰাত ভূমিকম্পৰ উৎপত্ত হয় ৷ এই পৰ্যন্ত কোনো লোক হতাহতিৰ খবৰ পোৱা নাই। ইণ্ডোনেছিয়া ভৌগোলিক অৱস্থানৰ বাবে ভূমিকম্পৰ প্ৰৱণতা অত্যাধিক বেছি ৷
আনহাতে, যোৱা সোমবাৰে ৬ ফেব্ৰুৱাৰীৰ পিছত তুৰস্কৰ দক্ষিণ হাট প্ৰদেশ পুনৰ জোকাৰি যায় দুটাকৈ ভূমিকম্পই ৷ তাত একেৰাহে দুটাকৈ ভূমিকম্প জোকাৰি যোৱাৰ পাছত আহত হয় ৮ জন লোক। তুৰ্কীৰ উপ-ৰাষ্ট্ৰপতি ফুৱাট অক্টে ভূমিকম্পৰ খবৰ নিশ্চিত কৰিছে। প্ৰথমটো ভূমিকম্পৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৬.৪। তিনি মিনিট পিছত দ্বিতীয়টো ভূমিকম্প হয়। ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাৱল্য আছিল ৫.৮। যোৱা ৬ ফেব্ৰুৱাৰীত তুৰস্কত প্ৰবল ভূমিকম্পই জোকাৰি গৈছিল। ৰিখটাৰ স্কেলত ইয়াৰ মাত্ৰা আছিল ৭.৪। মৃত্যুৰ সংখ্যা ৪১ হাজাৰ অতিক্ৰম কৰিছে।