VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এহেজাৰ টকাৰ গ্ৰন্থক্ৰেতাক ১ লাখ টকা পুৰস্কাৰৰ কুপন

সন্ধিয়া মনপৰশা সাংস্কৃতিক প্ৰতিযোগিতা

voicedesk by voicedesk
December 8, 2023
in মুখ্য সংবাদ
এহেজাৰ টকাৰ গ্ৰন্থক্ৰেতাক ১ লাখ টকা পুৰস্কাৰৰ কুপন
0
SHARES
1k
VIEWS
Share on FacebookShare on Twitter

গ্ৰন্থৰ সুবাস-সান্নিধ্যত উমাল হৈছে বৰাক উপত্যকাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ঐতিহাসিক শিলচৰ চহৰ ৷ অসম গ্ৰন্থমেলা, শিলচৰত প্ৰতিদিনে পুথিপ্ৰেমীৰ ভিৰে নিশ্চিতভাৱে ইয়াকে প্ৰতিপন্ন কৰিছে ৷ গ্ৰন্থমেলালৈ ইয়াৰ বৌদ্ধিক সমাজৰ ইতিবচক সঁহাৰিয়ে উৎসাহিত কৰি তুলিছে লেখক-প্ৰকাশক তথা গ্ৰন্থ বিক্ৰেতাসকলক ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই শিলচৰ পুলিচ পেৰেড গ্ৰাউণ্ডত আয়োজন কৰা দহদিনীয়া অসম গ্ৰন্থমেলাই আজি অষ্টম দিন অতিক্ৰম কৰিলে ৷ নিৰ্ধাৰিত কাৰ্যক্ৰমণিকা অনুসৰি আজি অসম গ্ৰন্থমেলাত অনুষ্ঠিত হয় “সাংবাদিকতাঃ বৰাক-ব্ৰহ্মপুত্ৰৰ সম্প্ৰীতিৰ সেঁতু বন্ধন” শীৰ্ষক সাংবাদিক সন্মিলন ৷ জ্যেষ্ঠ সাংবাদিক চয়ন ভট্টাচাৰ্যই পৰিচালনা কৰা এই অনুষ্ঠানত আলোচক অতিথিৰূপে অংশগ্ৰহণ কৰে নগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য, বিশিষ্ট সাংবাদিক-গ্ৰন্থকাৰ ড° সমুদ্ৰগুপ্ত কাশ্যপে ৷ তেওঁ সাংবদিকতা আৰু সমাজ-জীৱনৰ বিষয়ে তথ্য সমৃদ্ধ , চিন্তাকৰ্ষক ভাষণ প্ৰদান কৰে ৷ বিষয় প্ৰসংগত বিভিন্ন উদাহৰণ দি কয় —প্ৰযুক্তিৰ উত্তৰণে সাংবাদিকতাত ব্যাপক প্ৰভাৱ পেলাইছে ৷ ১৯৮৩ চনৰ নেলীৰ ঘটনাৰ কোনো ফোটো বাতৰি কাকতত নাছিল ৷

কিন্তু আজিৰ পৰা কিছু বছৰৰ আগতে ভোগালী বিহুত ৰঙিয়াৰ ওচৰৰ কেকেৰিকুছিত হোৱা উগ্ৰপন্থীয়ে ২৮ জন লোকক হত্যা কৰাৰ ঘটনাটো দুদিন পাছত দূৰদৰ্শনত সম্প্ৰচাৰিত হৈছিল ৷ আহত-নিহতৰ নামো প্ৰকাশ হৈছিল ৷ সেয়ে দূৰদৰ্শনৰ বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ কাৰণ এনে বাতৰিয়ে সমাজৰ সম্প্ৰীতিত বিৰূপ প্ৰভাৱ পৰে ৷ সেয়ে এনে ঘটনা প্ৰচাৰ কৰাটো আইন বিৰুদ্ধ ৷ এইখিনিতে সংবাদমাধ্যমৰ নৈতিকতাৰ বিষয়টো জৰিত হৈ আছে ৷ এসময়ত ভাৰতবৰ্ষত সেউজ বিপ্লৱ ৰেডিঅ’ৰ ফলত সম্ভৱ হৈছিল ৷ এয়া সংবাদমাধ্যমৰে সফলতা ৷ মহাসমৰৰ পাছত শান্তি স্থাপনৰ ক্ষেত্ৰতো সংবাদ মাধ্যমৰ ভূমিকা আছে ৷ অৰ্থাৎ সংবাদমাধ্যম অতি শক্তিশালী ৷ কিন্তু বৰ্তমানৰ প্ৰযুক্তি বিজ্ঞানৰ উত্তৰণৰ সমানে হয়তো আমাৰ উৎকৰ্ষ সাধন হোৱা নাই ৷ এতিয়া “স্পেচিয়েলাইজেচন”ৰ যুগ অথচ সাংবাদিকসকলে প্ৰত্যেকেই সকলো বিষয়তে লিখিব লাগে ৷ সেয়ে বিচ্যুতি ঘটাৰ সম্ভাৱনা থাকে ৷

সংবাদ মাধ্যমৰ অন্যতম মূল কাম হ’ল তথ্যৰ যোগান সামজিক শিক্ষা দান কৰা ৷ এই দায়িত্বৰে সাংবাদিকসকলে সম্প্ৰীতিৰ সেঁতু নিৰ্মাণ কৰিব পাৰে ৷ইতিবাচক উদ্ভাৱনী দায়ৱদ্ধতাৰে সংবাদমাধ্যমে এখন আস্থাশীল সমাজ নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে ৷উমৈহতীয়া ইতিহাস চৰ্চাৰেও মানুহৰ মাজত মিলন সেঁতু গঢ়িব পাৰে সংবাদ মাধ্যমে ৷” ইয়াত আলোচকৰূপে উপস্থিত থাকি আনন্দ বাজাৰ পত্ৰিকাৰ জ্যেষ্ঠ সাংবাদিক উত্তম সাহাই কয়—“সম্প্ৰীতিৰ সাঁকো নিৰ্মাণ বুলি ক’লে আমাৰ মনত প্ৰশ্ন হয় যে আমাৰ মাজতনো বিভেদ হ’ল কেতিয়া ? অন্ততঃ সাংবাদিকতাত বৰাক-ব্ৰহ্মপুত্ৰ বুলি কোনো বিভেদ নাই ৷ সাংবাদিকতাই সদায় সকলো মানুহক প্ৰতিনিধিত্ব কৰে ৷ মই নিজেই গুৱাহাটীত থাকি সাংবাদিকতা কৰিছোঁ কোনো অসুবিধা নোহোৱাকৈ ৷ শিলচৰত আমি অতি গৌৰৱেৰে অসমৰ সাংবাদিকতাৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপন কৰিছোঁ ৷ সাংবাদিকতাৰ মূল দৰ্শন আৰু ধৰ্ম হৈছে সত্য প্ৰকাশ কৰা ৷ ইয়াত বিভেদৰ কোনো স্থান নাই ৷” আন এগৰাকী আলোচক, দৈনিক বাৰ্তালিপিৰ সম্পাদক অৰিজিৎ আদিত্যই আলোচ্য বিষয় সন্দৰ্ভত কয় যে সাংবাদিকসকল সমাজৰ অংগ ৷ সম্প্ৰীতি বৰ্তাই ৰখাৰ দায়িত্বও সমাজৰে দায়িত্ব ৷

শিলচৰত বিহু গীত আৰু বিহু নৃত্য অবিহনে কোনো সাংস্কৃতিক অনুষ্ঠান সম্পূৰ্ণ নহয় ৷ কিন্তু গুৱাহাটীৰ সংবাদ মাধ্যমত কেতিয়াবা এনে অভিযোগ উত্থাপন হয় যে শিলচৰত বিহু নহয় ৷ সমাজিক মাধ্যমতো এনে কথা ওলায় ৷ কিন্তু এয়া ভুল প্ৰচাৰ ৷ ইয়াৰ দ্বাৰা ভুল বাৰ্তা প্ৰচাৰিত মানুহৰ মাজত ৷ এইক্ষেত্ৰত এসময়ৰ ভাৰতকণ্ঠ দেৱজিৎ সাহা এক উদাহৰণ ৷ দুয়োটা উপত্যকাৰ মানুহে তেওঁক বিপুল সমৰ্থনেৰে জয়ী কৰাইছিল ৷ অৱশ্যে টি আৰ পিৰ আশাৰে দুয়োটা উপত্যকাৰ মানুহৰ মাজত বিভেদ-বিতৰ্কৰ ইছ্যু কৰা দেখা যায় ৷ কোনো জনভিত্তিহীন লোকে দুৰ্গা পূজাত ব্ৰহ্মপুত্ৰ উপত্যকাত বাংলা ভাষাৰ পোষ্টাৰ চিৰা বিষয়টো আমি জনাত বৰাক উপত্যকাৰ কোনো সংবাদ মাধ্যমতে প্ৰকাশ কৰা নাছিল ৷ এয়া দায়িত্বশীল সাংবাদিকতা ৷ কিন্তুু সামাজিক মাধ্যমত বহু সময়ত ইয়াৰ বিপৰীত প্ৰতিচ্ছবি দেখা যায় ৷ গতিকে প্ৰকৃত সাংবাদিকে এইক্ষেত্ৰত সচেতন হোৱা ভাল ৷ শিলচৰত অসম গ্ৰন্থমেলা অনুষ্ঠিত হোৱাটোও সম্প্ৰীতিৰ নিদৰ্শন ৷ ইপিনে আজি সন্ধিয়াৰ সাংস্কৃতিক প্ৰতিযোগিতাও দৃষ্টিনন্দন হৈ পৰে ৷উল্লেখ্য যে অসম গ্ৰন্থমেলা, শিলচৰতো এহেজাৰ টকাৰ গ্ৰন্থ ক্ৰয় কৰা সকলক ১ লাখ টকাৰ নগদ ধনৰ পুৰস্কাৰৰ বাবে কুপন দিয়াৰ ব্যৱস্থা কৰা হৈছে ৷গ্ৰন্থমেলাৰ অন্তিম দিনা অৰ্থাৎ অহা ১০ ডিচেম্বৰত সন্ধিয়া ৬ বজাত লটাৰীৰ জৰিয়তে এই পুৰস্কাৰ প্ৰদান কৰা হ’ব ৷

Previous Post

কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ প্ৰথমখন উপন্যাস

Next Post

কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ

কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7