শেহতীয়াকৈ দীপাৱলী উপলক্ষে কেৰালাত ২৪০ খন নাও চলাচল কৰা বুলি দাবী কৰি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে বিশাল অজগৰৰ আকৃতিৰ উজ্জ্বলি থকা নাৱৰ এটা পুৰণি ভিডিঅ’।অৱশ্যে এই ভাইৰেল ভিডিঅ’টোৰ লগতে কেপচনত ভিডিঅ’টো কেৰালাৰ বুলি উল্লেখ আছে যদিও হায়দৰাবাদত অৱস্থিত মন্দিৰ “শ্ৰী মহানকলেশ্বৰ দেৱালয়ম, মিৰালম মণ্ডী”ৰ নাম উল্লেখ কৰা হৈছে।
এই ভিডিঅ’টো সামাজিক মাধ্যমত ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে। বৰুণ ৰাষ্টোগী নামৰ প্ৰফাইলৰ পৰা ফেচবুকত শ্বেয়াৰ কৰা পোষ্টটোত দেখা অনুসৰি এই ভিডিঅ’টোৱে প্ৰায় ১০ হাজাৰ ভিউ লাভ কৰা লগতে আৰু ১৯০ তকৈও অধিকবাৰ ইয়াক শ্বেয়াৰ কৰা হৈছে।
কিন্তু দুখৰ বিষয় যে ভাৰতৰ বুলি প্ৰচাৰিত হোৱা এই ভিডিঅ’টো প্ৰকৃতাৰ্থত চীনৰ গুৱাংচি ঝুৱাং স্বায়ত্তশাসিত অঞ্চলৰ অন্তৰ্গত ইউলং নদীৰ হে দৃশ্য । ২০২২ চনৰ ১৯ মে’ত চীনৰ পৰ্যটন দিৱস উপলক্ষে কেইবাখনো বাঁহৰ ৰাফ্টেৰে এখন অজগৰ আকৃতিৰ নাওঁ গঠন কৰা হৈছিল আৰু তাকেই কেৰালাৰ বুলি উল্লেখকৰি সামাজিক মাধ্যমত শ্বেয়াৰ কৰা হ’ল এই ভিডিঅ’টো ।
অৱশ্যে চীনৰ চৰকাৰী সংবাদ মাধ্যমৰ কেইবাটাও বাতৰি আৰু চৰকাৰী ৱেবছাইটৰ পৰা এই কথা নিশ্চিত কৰা হৈছে যে ভিডিঅ’টো চীনৰ।আনহাতে এই সন্দৰ্ভত ‘দ্য কুইণ্ট’ নামৰ এক সংবাদ মাধ্যমেও এক প্ৰতিবেদন প্ৰকাশ কৰিছে ৷
তেওঁলোকে প্ৰকাশ কৰা অনুসৰি ভিডিঅ’টোৰ কিছুমান কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলে আমি ২০২২ চনৰ ২৫ মে’ত চীনৰ ৰাষ্ট্ৰ নিয়ন্ত্ৰিত মিডিয়া ছি’ছ মমেণ্টে ফেচবুকত আপলোড কৰা এটা ভিডিঅ দেখা পোৱা যায় ৷ সেই ভিডিঅ’টোৰ শিৰোনাম আছিল, “ইউলং নদীত বাৰ্ষিক ড্ৰেগন ৰাফ্ট ইভেণ্ট।”
চীনৰ গ্ল’বেল টেলিভিছন নেটৱৰ্ক (CGTN) নামৰ এটা চৰকাৰী ইংৰাজী ভাষাৰ বাতৰি চেনেলৰ এটা প্ৰতিবেদনতো একেধৰণৰ ভিডিঅ’ দেখা পোৱা গৈছিল।
আনহাতে ২০২২ চনৰ ৩১ মে’ৰ পৰা চিজিটিএনৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ভিডিঅ’টোত গুৱাংচি ঝুয়াং স্বায়ত্তশাসিত অঞ্চলৰ ইউলং নদীত এখন দীঘলীয়া ‘ড্ৰেগন নাও’ দেখা গৈছে। পৰ্যটন আকৰ্ষণ বৃদ্ধিৰ বাবে ইউলং নদীত এই কাম কৰা হৈছিল।
ইয়াৰ উপৰিও কীৱৰ্ড সন্ধান কৰিলে গুৱাংচি চীনৰ এটা চৰকাৰী ৱেবছাইটৰ তথ্য অনুসৰি ২০২২ চনৰ ২০ মে’ত এই নাৱৰ বিষয়ে এটা প্ৰতিবেদন প্ৰকাশ কৰা হৈছিল ।
এই প্ৰতিবেদনত কোৱা হৈছে যে, “১৯ মে’ত সোণালী পোহৰৰ সৈতে ৮০টা বাঁহৰ ৰাফ্টে গুৱাংচি ঝুৱাং স্বায়ত্তশাসিত অঞ্চলৰ গুইলিনৰ বাইছা চহৰৰ ইউলং গাঁৱত ইউলং নদীৰ কাষেৰে বিচৰণ কৰি ৭০ মিটাৰ দৈৰ্ঘ্যৰ এটা “ড্ৰেগন” গঠন কৰি দৰ্শনাৰ্থীসকলৰ বাবে এক শক্তিশালী নিশাৰ দৃষ্টিভংগী উপস্থাপন কৰিছিল।”
অঞ্চলটোৰ পৰ্যটন বৃদ্ধিৰ লক্ষ্য আৰু চীনৰ দ্বাদশ পৰ্যটন দিৱস উদযাপনৰ বাবে ইউলং নদীৰ মাজেৰে এখন অজগৰ আকৃতিৰ নাও যাত্ৰা কৰিছিল। সেয়েহে এই কথা স্পষ্টকৈ ক’ব পাৰি যে ‘ড্ৰেগন ব’টৰ এই ভিডিঅ’টো ভাৰতৰ কোনো কাৰণতে নহয় বা হ’ব নোৱাৰে ।