ৰাজ্যবাসীলৈ এটা সু খবৰ কঢ়িয়াই আনিছে আই অ’ চি এল গেছ কোম্পানীয়ে।এই খবৰ অনুসৰি মাত্ৰ এটা মিচ কল দিলেই লাভ কৰিব এল পি জি গেছৰ নতুন সংযোগ।
গেছ সংযোগৰ এক দীঘল পৰিক্ৰমাৰ অন্ত পেলাই এতিয়াৰ পৰা ৰাজ্যবাসীয়ে সহজে লাভ কৰিব নতুন গেছৰ সংযোগ।এই সংযোগ লাভ কৰিবলৈ আই অ’ চি এল য়ে জাৰি কৰিছে এটা বিশেষ নম্বৰ।
উপভোক্তাই নিজৰ ৰেজিষ্টাৰ্ড ম’বাইল নম্বৰৰ পৰা আই অ’ চি এল য়ে দিয়া ৮৪৫৪৯৫৫৫৫৫ নম্বৰত এটা মিচ কল দিলেই লাভ কৰিব নতুন গেছৰ সংযোগ।
এইক্ষেত্ৰত আই অ’ চি এল য়ে মিচকল দিয়া ব্যক্তিজনৰ সৈতে নিজেই যোগাযোগ কৰিব।ঠিকনাৰ প্ৰমাণপত্ৰ আৰু আধাৰ কাৰ্ড দিয়াৰ পিছত লাভ কৰিব নতুন গেছৰ সংযোগ।
উল্লেখযোগ্য যে আই অ’ চি এল য়ে দিয়া একেটা নম্বৰতে গেছ ৰিফিলো কৰিব পৰা যাব।ইফালে চিলিণ্ডাৰ বুকিং কৰিবলৈ ভাৰত বিল পেইমেন্ট চিষ্টেম(বি বি পি চি) ৰ জৰিয়তে গেছ চিলিণ্ডাৰ ৰিফিল কৰিব পাৰিব। বা আই অ’এলৰ এপ বা চি এক্স ডট বা ইণ্ডিয়ান অইল ডট ইন জৰিয়তেও বুকিং কৰিব পাৰিব।
ইয়াৰোপৰি গ্ৰাহকে ৭৫৮৮৮৮৮৮২৪ নম্বৰত ৱাটচ এপ মেচেজ কৰিও চিলিণ্ডাৰ বুক কৰিব পাৰিব। একেদৰে ৭৭১৮৯৫৫৫৫৫ নম্বৰত এচ এম এছ বা আই ভি আৰ এক্স কৰি আৰু আমাজান পে আৰু পেটিএম ৰ যোগেদিও চিলিণ্ডাৰ ভৰাব পাৰিব।