অন্বেষণ নিচাৰ দৰে ৷ ঘন জংঘল- দুর্গম অঞ্চল একোৱেই এই নিচাক ৰোধ কৰিব নোৱাৰে। ৩০ বছৰ ধৰি ড° ইভান স্প্ৰাইছে মেক্সিকোৰ ইউকাটান উপদ্বীপ অঞ্চলৰ ঘন জংঘলত প্ৰাচীন মায়া সভ্যতাৰ ধ্বংসাৱশেষ বিচাৰি আহিছে। জংঘলে তেওঁক নিৰাশ কৰা নাছিল, এই স্লোভেনিয়ান পুৰাতত্ত্ববিদজনে ২০১৩ চনৰ পৰা জংঘলৰ মাজেৰে খান্দি কেইবাখনো চহৰৰ ধ্বংসাৱশেষ উন্মোচন কৰি আহিছে।
জুন মাহত ইভান আৰু তেওঁৰ দলটোৱে মেক্সিকোৰ বালামকুৰ ইক’লজিকেল ৰিজাৰ্ভত এখন প্ৰাচীন মায়া চহৰ আৱিষ্কাৰ কৰে ৷ যিখন চহৰ ৬০০ৰ পৰা ৮০০ খ্ৰীষ্টাব্দৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল। ইভানে চহৰখনৰ নাম অকমটুন ৰাখিছিল ৷ যাৰ অৰ্থ প্ৰাচীন মায়া ভাষাত ‘শিলৰ স্তম্ভ’। প্ৰাচীন চহৰখনৰ গঠনৰ বাবেই তেওঁলোকে এই নাম বাছি লোৱা বুলি দাবী কৰিছে প্ৰত্নতত্ত্ববিদৰ দলটোৱে। সমগ্ৰ চহৰখনতে বিয়পি আছে স্তম্ভ, পিৰামিডৰ দৰে গঠন। ইয়াৰে কিছুমানৰ উচ্চতা পঞ্চাশ ফুটতকৈও অধিক।
পশ্চিম গোলাৰ্ধৰ অন্যতম পুৰণি সভ্যতা হৈছে মায়া সভ্যতা। ২০০ চনৰ পৰা ৯০০ খ্ৰীষ্টাব্দৰ ভিতৰত আমেৰিকাত কাৰ্যতঃ তেওঁলোকৰ দ্বাৰা শাসন কৰা হৈছিল। গৱেষকসকলৰ মতে এই সভ্যতাৰ লোকসকল জ্যোতিৰ্বিজ্ঞান, গণিত আৰু বিজ্ঞানত অতি পাকৈত আছিল। কোৱা হয় যে তেওঁলোকে চকলেট আৰু ৰবৰৰ আৱিষ্কাৰো কৰিছিল। তেওঁলোকৰ মাজত লেখাৰ প্ৰচলনও আছিল। কিন্তু নৱম শতিকাৰ পৰা এই সভ্যতাৰ হঠাৎ অৱনতি ঘটিল। বাসিন্দাসকলে চহৰবোৰ এৰি থৈ যায় ৷
ইভানে ইয়াৰ আগতেও গভীৰ অৰণ্যৰ পৰা কেইবাখনো চহৰ আৱিস্কাৰ কৰিছে ৷ ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে ২০১৩ চনত আৱিষ্কাৰ হোৱা অষ্টম শতিকাৰ চহৰ চাকটুন। তাত প্ৰায় ৪০ হাজাৰ লোকে বাস কৰিছিল। মাত্ৰ এবছৰৰ পিছত আৱিষ্কাৰ হোৱা লাগুনিটা আৰু টামচেন চহৰখনো গুৰুত্বপূৰ্ণ। তথাপিও ইভানে ভাবে যে অকমটুনৰ আৱিষ্কাৰে হয়তো প্ৰায় ১২০০ বছৰ আগতে মায়া সভ্যতাৰ অন্ত পৰাৰ কাৰণটো সঠিকভাৱে উন্মোচন কৰিব। মায়া সভ্যতাৰ মানুহে নিৰ্মাণ কৰা নগৰবোৰ হঠাতে পৰিত্যাগ কৰিলে। মহামাৰী, শত্ৰুৰ আক্ৰমণ, জলবায়ুৰ অৱক্ষয়ৰ বাবে নে কেৱল জীৱনশৈলীৰ পৰিৱৰ্তনৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছিল তাৰ অধ্যয়ন চলোৱা হ’ব ?
আন মায়া চহৰৰ দৰে এই চহৰখনৰো কেন্দ্ৰত এক বিশাল স্থাপত্য আছে। ইয়াৰ উপৰিও খেলপথাৰ, তিনিখন বজাৰ এলেকা, ৫০ ফুট আৰু ৮০ ফুটৰ দুটা পিৰামিড সদৃশ গঠন আছে।ইভানৰ এই আৱিষ্কাৰৰ লগে লগে দেশ-বিদেশৰ কেইবাজনো গৱেষকে দাবী কৰিছে যে ১৫০ বছৰ ধৰি চলি থকা মায়া সভ্যতাৰ গৱেষণাত অকমটুনে নতুন দিশ দেখুৱাব পাৰে।