বৈদেশিক মুদ্ৰা নিয়ন্ত্ৰণ আইন (ফেমা) উলংঘা কৰাৰ গোচৰত ৰিলায়েন্স এডিএ গ্ৰুপৰ নেতা অনিল আম্বানীৰ পত্নী প্ৰাক্তন অভিনেত্ৰী টিনা আম্বানী ইডিৰ কাৰ্যালয়ত হাজিৰ হয়। মঙলবাৰে তেওঁ দক্ষিণ মুম্বাইৰ ইডিৰ কাৰ্যালয়ত হাজিৰ হয়। বৈদেশিক মুদ্ৰা নিয়ন্ত্ৰণ গোচৰত তেওঁক কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই জেৰা অব্যাহত ৰাখিছে।
সোমবাৰে ইডিৰ কার্যালয়ত হাজিৰ হয় টিনাৰ স্বামী। কেন্দ্ৰীয় চোৰাংচোৱাই অনিলৰ বক্তব্য লিপিবদ্ধ কৰে। ইয়াৰ পিছত মঙলবাৰে ইডিৰ কাৰ্যালয়তো দেখা গ’ল টিনাক। ইডিৰ সূত্ৰৰ মতে, অনিলৰ কোম্পানীৰ কিছু বিনিয়োগ আৰু বিদেশত জমা হোৱা কিছু গোপন সম্পত্তিৰ সৈতে জড়িত এক নতুন গোচৰত টিনা হাজিৰ হয়।
যোৱা বছৰৰ আগষ্ট মাহত আয়কৰ বিভাগে ক’লা ধন বিৰোধী আইনৰ অধীনত অনিললৈ জাননী প্ৰেৰণ কৰিছিল। তেওঁৰ বিৰুদ্ধে চুইজাৰলেণ্ডৰ দুটা বেংক একাউণ্টত ‘অঘোষিত’ ৮১৪ কোটি টকা ৰখাৰ অভিযোগ উত্থাপন হৈছিল। আয়কৰ বিভাগে এক জাননীৰ জৰিয়তে অনিল আম্বানীৰ বিৰুদ্ধে ৪২০ কোটি টকাৰ কৰ ফাঁকিৰ অভিযোগ উত্থাপন কৰিছিল। অনিলকো জৰিমনা বিহা হয়। কিন্তু যোৱা বছৰৰ মাৰ্চ মাহত বম্বে উচ্চ ন্যায়ালয়ে তেওঁলৈ প্ৰেৰণ কৰা জাননী আৰু জৰিমনাত স্থগিত ৰাখিছিল।
য়েছ বেংক কেলেংকাৰীত অবৈধ বিত্তীয় লেনদেনৰ অভিযোগত ২০২০ চনত ইডিয়ে অনিল আম্বানীক চমন কৰিছিল। সেই সময়ত য়েছ বেংকৰ প্ৰাক্তন চিইঅ’ ৰানা কাপুৰৰ লগতে আন কেইবাজনো লোকক চমন কৰা হৈছিল। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে য়েছ বেংকৰ পৰা বৃহৎ পৰিমাণৰ ঋণ লৈও ডিফল্ট হোৱা কোম্পানীবোৰৰ ভিতৰত অনিল আম্বানীৰ কোম্পানীটো অন্যতম। য়েছ বেংকে অনিলৰ কোম্পানীক প্ৰায় ১২,৮০০ কোটি টকা ঋণ দিছিল। যিটো ১৪ হাজাৰ কোটি টকালৈ বৃদ্ধি পাইছে। কিন্তু ঋণ পৰিশোধ নকৰিলে অনিল আম্বানীয়ে ৷
য়েছ বেংক ভাঙি পৰাৰ পিছত ইডিৰ তদন্তত দেখা গ’ল যে প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া ৰাণাই বিপদৰ মাজতো বিভিন্ন কোম্পানীক ঋণ দিছিল। ইয়াৰ বাবে সেই কোম্পানীবোৰে উৎকোচ হিচাপে ৰাণা আৰু তেওঁৰ পত্নী আৰু কন্যাৰ মালিকানাধীন কোম্পানীবোৰত টকা বিনিয়োগ কৰিছিল ৷ চিবিআই আৰু ইডিয়ে তদন্ত আৰম্ভ কৰাৰ পিছতে অনিল আম্বানীৰ কোম্পানীয়ে স্বেচ্ছাই এক বিবৃতি প্ৰকাশ কৰি কয় যে ৰাণা বা তেওঁৰ পত্নী কন্যাৰ কোনো কোম্পানীৰ সৈতে তেওঁলোকৰ কোনো লেনদেন নাই। য়েছ বেংকৰ পৰা লোৱা ঋণ বন্ধকীৰ বিৰুদ্ধে সুৰক্ষিত কৰা হৈছে। ব্যৱসায়িক লেনদেনৰ সাধাৰণ নিয়ম অনুসৰি ঋণ লোৱা হৈছিল। য়েছ বেংকৰ ঋণ পৰিশোধৰ বাবেও কোম্পানীটোৱে প্ৰতিশ্ৰুতিবদ্ধ। অনিলৰ গোটে এই কথা দাবী কৰাৰ সময়তে ইডিৰ বিষয়াসকলে কয় যে এজেন্সীৰ মুৰব্বীগৰাকীয়ে কি চৰ্তত ঋণ পাইছিল সেই কথা অৱগত কৰিব লাগে। লগতে এই ঋণৰ বিনিময়ত য়েছ বেংক বা ইয়াৰ মুৰব্বীসকলৰ সৈতে কোনো সুকীয়া চুক্তি হৈছিল নেকি বুলিও প্ৰশ্ন কৰিছে ইডিয়ে ৷ ৰাণাৰ কাৰ্যকালত য়েছ বেংকৰ পৰা ৭৮টা বৃহৎ গোটে ঋণ লাভ কৰিছিল। ইয়াৰে প্ৰায় ৩০ হাজাৰ কোটি টকা আদায় দিয়া হোৱা নাই। ইয়াৰ ভিতৰত চিবিআই আৰু ইডিয়ে অনিল আম্বানীকে ধৰি পাঁচটা বৃহৎ গোটৰ সৈতে হোৱা লেনদেনৰ তদন্ত কৰিছে। সেই তদন্তৰ ভিত্তিত বিদেশী মুদ্ৰা নিয়ন্ত্ৰণ আইন উলংঘা কৰাৰ গোচৰত মঙলবাৰে ইডিৰ কাৰ্যালয়ত হাজিৰ হৈছিল অনিল আম্বানীৰ পত্নী।