অৱশেষত আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে গুৱাহাটীৰ কইনাধৰাৰ গুলীচালনাৰ ঘটনাৰ ৰহস্য ৷ পৰকীয়া প্ৰেমৰ বাবেই হত্যা কৰা হৈছিল অঞ্জন নাথ নামৰ যুৱকজনক ৷ এই গুলীচালনাৰ ঘটনাৰ মাষ্টাৰমাইণ্ডসহ ৭ অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। সৌৰভ গোৱেংকা, গোবিন্দ কুমাৰ আৰু অৰবিন্দ ৰায়ক আঠগাঁও আৰু ভৰলুমুখৰ পৰা আৰক্ষীয়ে দেওবাৰে নিশা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এই ঘটনাত ব্যৱহৃত বাইকখনো জব্দ কৰিছে আৰক্ষীয়ে । মৃত অঞ্জনৰ পত্নী গীতাশ্ৰী সিনহা, গীতাশ্ৰীৰ পিতৃ অৰিজিৎ সিনহা, মাতৃ ঝৰ্ণা সিনহা আৰু ভাতৃকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষীৰ সূত্ৰই সদৰী কৰা অনুসৰি সমগ্ৰ ঘটলাৰ চক্ৰান্ত কৰিছিল মহিলাগৰাকীৰ পিতৃ অৰিজিৎ সিনহা আৰু সমগ্ৰ পৰিকল্পনাক কাৰ্যত ৰূপ দিছিল ফাচী বজাৰৰ শুকান ফলৰ ব্যৱসায়ী ব্যৱসায়ী সৌৰভ গোৱেংকাই। অঞ্জনৰ পত্নী গীতাশ্ৰীৰ সৈতে প্ৰেমৰ সম্পর্ক আছিল সৌৰভৰ ৷
সৌৰভ গোৱেংকাইৱে অঞ্জন নাথক গুলীয়াই হত্যাই হত্যা কৰিছিল । সৌৰভ গোৱেংকাৰ কৰ্মচাৰী অৰবিন্দ ৰয়ে সমগ্ৰ ঘটনা সংঘটিত কৰাত গোৱেংকা আৰু সিনহাক সহায় কৰিছিল। বিহাৰৰ গোবিন্দ কুমাৰ নামৰ লোকজনে বিহাৰৰ পৰা হত্যাকাণ্ডত ব্যৱহৃত হোৱা পিষ্টলটো আনি দিছিল বুলিও আৰক্ষীয়ে সদৰী কৰিছে ৷অভিযুক্ত সৌৰভ গোৱেংকাৰ ঘৰ ভৰলুমুখৰ শ্লুইছ গেটত। এই হত্যাকাণ্ডত ব্যৱহাৰ কৰা পিষ্টল গোবিন্দই বিহাৰৰ সমষ্টিপুৰৰ পৰা আনিছিল। গোবিন্দ কুমাৰৰ ঘৰ বিহাৰৰ সমষ্টিপুৰত আৰু বৰ্তমান গুৱাহাটীৰ ভূতনাথত বাস কৰি আছে। আনহাতে, ধৃত অৰবিন্দৰ ঘৰ বিহাৰৰ বৈশালীত যদিও কুমাৰপাৰাত বাস কৰি আছে।
উল্লেখ্য যে ৮ মাহৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল অঞ্জন আৰু গীতাশ্ৰী ৷ তেওঁলোকৰ সম্পর্ক পৰিয়ালে মানি লোৱা নাছিল। গীতাশ্ৰী ইয়াৰ পূর্বেও দুবাৰকৈ বিবাহপাশত আৱদ্ধ হৈছিল বুলি জানিব পৰা গৈছে ৷ অঞ্জনৰ সৈতে গীতাশ্ৰীৰ আনুষ্ঠানিকভাৱে বিবাহ হোৱা নাছিল। গীতাশ্ৰীৰ প্ৰথম স্বামী মণিপুৰৰ আৰু দ্বিতীয় স্বামী শিলচৰৰ আছিল বুলিও স্থানীয় একাংশ লোকে সদৰী কৰিছিল ৷ দ্বিতীয় স্বামীৰ সৈতে গীতাশ্ৰীৰ এটি পাঁচ বছৰীয়া সন্তানো আছে।