বিকি কৌশল আৰু কেটৰিনাৰ বিবাহক লৈ বলিউডত ব্যাপক চর্চা অব্যাহত থকাৰ সময়তে আড়ম্বৰপূর্ণ পৰিৱেশত বিয়াত বহিল আন এগৰাকী জনপ্ৰিয় টি ভি তাৰকা ৷ ‘পবিত্ৰ ৰিস্তা’ নামৰ ধাৰাবাহিকেৰে সৰু পর্দ্দাত ব্যাপক জনপ্ৰিয়তা লাভ কৰা অংকিতা লোখান্দেৰ বিবাহ বিকি জৈনৰ সৈতে মঙলবাৰে সম্পন্ন হয় ৷ ৷ বিবাহ অনুষ্ঠানৰ পাছতে এক বিশাল অভ্যর্থনা অনুষ্ঠানো অনুষ্ঠিত হয় ৷ য’ত উপস্থিত থাকে টেলিভিছন জগতৰ বহুসংখ্যক জনপ্ৰিয় তাৰকা ৷ মুম্বাইৰ গ্ৰেণ্ড হায়াট হোটেলত অনুষ্ঠিত এই অভ্যর্থনা অনুষ্ঠানত উপস্থিত থাকে টিভি তাৰকা ম্ৰ’ণাল ঠাকুৰ, শ্ৰদ্ধা আর্য, আৰতি সিং,সৃষ্টি ৰয়,অশা নেগী,এজাজ খান , পবিত্ৰ পুণিয়াকে ধৰি বহু কেইগৰাকী টেলিভিছন তাৰকা ৷ বিবাহৰ পূর্বে অনুষ্ঠিত সংগীত অনুষ্ঠানত দেখা গৈছিল বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী তথা মণিকর্ণিকা ছবিত অংকিতাই একেলগে অভিনয় কৰা কংগনা ৰাণাউটক ৷
বিবাহৰ সময়ত বিখ্যাত ডিজাইনাৰ মণীষ মালহোট্ৰাই ডিজাইন কৰা লেহেংগা পৰিধান কৰে অংকিতাই ৷ আনহাতে,দৰা বিকি জৈনক দেখা গৈছিল বগা আৰু সোণালী ৰঙৰ ছেৰৱানীত ৷ বিবাহ অভ্যর্থনা অনুষ্ঠানত অংকিতাই পৰিধান কৰে ৰঙা শাৰী আৰু আটকধুনীয়া গহণা ৷ ইপিনে, বিকিয়ে পৰিধান কৰে ক’লা ছেৰৱানী ৷