জম্মু –কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হ’ল কাশ্মিৰী পণ্ডিত ৷ শনিবাৰে শ্ব’পিয়ান জিলাত সন্ত্ৰাসবাদীয়ে এজন কাশ্মীৰী পণ্ডিতক গুলীয়াই হত্যা কৰা ঘটনাই কাশ্মীৰ উপত্যকাত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ দক্ষিণ কাশ্মীৰ জিলাৰ চৌধুৰী গুন্দ অঞ্চলৰ বাসগৃহৰ ওচৰতে পুৰণ কৃষ্ণ ভাটক আক্ৰমণ কৰে ৷আৰক্ষীয়ে সদৰী কৰা অনুসৰি শ্ব’পিয়ান চিকিৎসালয়লৈ স্থানান্তৰ কৰাৰ পিছত চিকিৎসকে ভাটক মৃত বুলি ঘোষণা কৰে।এই ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলটোত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে ৷
শ্ব’পিয়ান জিলাৰ এখন আপেল বাগিচাত সন্ত্ৰাসবাদীয়ে আন এজন কাশ্মীৰী পণ্ডিতক গুলীয়াই হত্যা কৰাৰ প্ৰায় দুমাহমা পিছতে এই ঘটনা সংঘটিত হৈছে ৷ আগষ্ট মাহত সংঘটিত এই আক্ৰমণৰ দায়িত্ব আল বদৰৰ এটা শাখা ‘কাশ্মীৰ ফ্ৰিডম ফাইটাৰ্ছ’-এ স্বীকাৰ কৰিছিল ৷ এক বিবৃতিত কয় যে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ‘ত্ৰিৰংগা ৰেলী’ত অংশগ্ৰহণ কৰিবলৈ মানুহক উৎসাহিত কৰাৰ বাবে পণ্ডিত ভাতৃদ্বয়ক লক্ষ্য কৰি লোৱা হৈছে বুলি তেওঁলোকে প্ৰকাশ কৰিছিল ৷
বিগত বৰ্ষৰ অক্টোবৰৰ পৰা কাশ্মীৰত ধাৰাবাহিকভাৱে কাশ্মিৰী পণ্ডিতসকলক লক্ষ্য কৰি হত্যাকাণ্ড সংঘটিত হৈ আহিছে। তদুপৰি প্ৰব্ৰজিত শ্ৰমিককো আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে ৷
যোৱা বছৰৰ অক্টোবৰ মাহত পাঁচ দিনত ৭ জন সাধাৰণ নাগৰিক নিহত হৈছিল ৷ ইয়াৰ ভিতৰত এজন কাশ্মীৰী পণ্ডিত, এজন শিখ, আৰু দুজন প্ৰব্ৰজিত হিন্দুও আছিল।